টেক্সাছ, কেলিফৰ্ণিয়াকে ধৰি আমেৰিকাৰ কেইবাখনো ৰাজ্যৰ চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰত হোৱা চাইবাৰ আক্ৰমণৰ ফলত শুকুৰবাৰে স্বাস্থ্যসেৱা ব্যাহত হৈ পৰে। যাৰ বাবে চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰৰ কম্পিউটাৰ ব্যৱস্থা সম্পূৰ্ণৰূপে অচল হৈ পৰে। এনে পৰিস্থিতিত ৰোগীয়েও বহুত কষ্ট ভোগ কৰিবলগীয়া হয়। চাইবাৰ বিশেষজ্ঞসকলে ক্ষন্তেকতে পৰিস্থিতি স্বাভাৱিক অৱস্থালৈ ঘূৰাই অনাৰ চেষ্টা কৰে।
কেৱল টেক্সাছ বা কেলিফৰ্ণিয়াতে নহয়, ৰোড আইলেণ্ড আৰু পেনচিলভেনিয়াৰ চিকিৎসালয় আৰু স্বাস্থ্য কেন্দ্ৰসমূহেও একে পৰিস্থিতিৰ সন্মুখীন হয় । কেলিফৰ্ণিয়াৰ এখন ব্যক্তিগত চিকিৎসালয় কৰ্তৃপক্ষই সংবাদ মাধ্যমক জনোৱা মতে চিকিৎসালয়খনৰ কম্পিউটাৰ ব্যৱস্থা হঠাতে বন্ধ হৈ গ’ল। চাইবাৰ আক্ৰমণৰ আশংকাত চিকিৎসালয়খনৰ চাৰ্ভাৰ চিষ্টেম সাময়িকভাৱে বন্ধ কৰি দিয়া হয় ৷
আমেৰিকান হাস্পতাল এছ’চিয়েশ্যনৰ চাইবাৰ সুৰক্ষাৰ ৰাষ্ট্ৰীয় উপদেষ্টা জন ৰিগিয়ে কয় যে পৰিস্থিতি স্বাভাৱিক হ’বলৈ এসপ্তাহ সময় লাগিব পাৰে। আপাততঃ কম্পিউটাৰৰ সলনি কাগজত কাম কৰাৰ পৰামৰ্শ দিয়া হৈছে। ৰাষ্ট্ৰীয় নিৰাপত্তা পৰিষদৰ মুখপাত্ৰ এড্ৰিয়েন ৱাটছনে জনোৱা মতে, চাইবাৰ আক্ৰমণৰ তদন্তও আৰম্ভ কৰিছে হোৱাইট হাউছে।
এই চাইবাৰ আক্ৰমণৰ ফলত অস্ত্ৰোপচাৰ, বহিঃৰোগী বিভাগ, ব্লাড বেংককে ধৰি একাধিক স্বাস্থ্য সেৱাত প্ৰভাৱ পৰিছে। অৱশ্যে চিকিৎসালয়খনৰ জৰুৰীকালীন বিভাগসমূহ খোলা ৰখা হৈছে। শুকুৰবাৰৰ পৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰসমূহো যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে।