সুদীৰ্ঘ ষোল্ল দিনৰ পাছত মুকলি আকাশৰ তললৈ আহিল উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ৰ অধ্যাপক হেমন্ত শৰ্মা শিক্ষাৰ্থীক নিৰ্যা্যতনৰ অভিযোগত অভিযুক্ত হৈ ১৬দিন কাৰাগাৰত অতিবাহিত কৰাৰ পিছত মুকলি আকাশৰ তললৈ আহি যি ক’লে বহু তাৎপৰ্য্যপূৰ্ণ কথা ৷
অধ্যাপক গৰাকীক কেন্দ্ৰ কৰি সমগ্ৰ অসমতে চৰ্চিত হৈ পৰা উত্তৰ লক্ষীমপুৰ মহাবিদ্যালয়ৰ এই বিষয় সন্দৰ্ভত সামাজিক মাধ্যম ফেচবুকত নৱজিৎ চেলেং নামৰ এজন যুৱকে লিখিলে যে শিক্ষানুষ্ঠানবোৰত পণ্ডিতৰ সংখ্যা বাঢ়িছে। কমি গৈছে মানুহৰ সংখ্যা। বন্ধুত্বৰ জেগা দখল কৰিছেহি অসুস্থ প্ৰতিদ্বন্দ্বিতাই।
তেওঁ পুনৰ কয় যে সুদীৰ্ঘ ষোল্ল দিনৰ পাছত কাৰাগাৰৰ পৰা ওলাই আহি হেমন্ত শৰ্মাই এক তাৎপৰ্য্যৰ কথা ক’লে যে তেওঁ ১৬টা দিন অতিবাহিত কৰা সেইখন প্ৰকৃততে মূৰ্ত কাৰাগাৰহে। কিন্তু আমি বহু মানুহেই বিভিন্ন কাৰাগাৰত বন্দী হৈ আছো। কোনোবা যদি ক্ষমতাৰ কাৰাগাৰত, কোনোবা আকৌ বন্দী হৈ আছে অহংকাৰৰ কাৰাগাৰত।
সেয়েহে নৱজিৎ চেলেঙে এই সময়ৰ এটা ডাঙৰ প্ৰশ্ন উত্থাপন কৰি কয় যে –
এই ভিন্ন কাৰাগাৰবোৰৰ পৰা কেতিয়াবা মুক্ত হ’ব পাৰিবনে উত্তৰ আধুনিক মানুহ?যদি পাৰে তেন্তে কেনেকৈ?