ঋতু পৰ্ণ শৰ্মা,নগাঁও,৫আগষ্ট:-দ্বাদশ কলকাতা আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্ৰ মহোৎসৱত পার্থজিৎ বৰুৱাই নিৰ্মাণ কৰা “ব্ৰাছ ষ্ট্ৰ’ক” নামৰ তথ্যচিত্ৰখনে শ্রেষ্ঠ তথ্যচিত্ৰৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে, এই তথ্যচিত্ৰখনে ইতিমধ্যে মুম্বাই আন্তঃৰাষ্ট্ৰীয় চুটি চলচ্চিত্ৰ মহোৎসৱতো শ্রেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছিল। তথ্যচিত্ৰখন কেৰালাৰ IDSFFKৰ প্ৰতিযোগিতাৰ শাখালৈ নিৰ্বাচিত হৈছিল। বিশিষ্ট পৰিচালক পার্থজিৎ বৰুৱাই নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে নীলপৱন বৰুৱাই জীৱনজুৰি কৰি যোৱা শিল্প সাধনাৰ বাবে এই বঁটা তেওঁৰ নামত উচৰ্গা কৰিব বিচাৰোঁ । আনহাতে,একাদশ দাদা চাহেব ফাল্কে চলচ্চিত্ৰ মহোৎসৱত তথ্যচিত্র পৰিচালক,চলচ্চিত্র সমালোচক পার্থজিৎ বৰুৱাই তেওঁৰ তথ্যচিত্ৰ “ব্রেকিং দ্য ছাইলেঞ্চ”ৰ বাবে তথ্যচিত্র শিতানত শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰি অসমলৈ আন এক গৌৰৱ কঢ়িয়াই আনিছিল। ইয়াৰ পূৰ্বেও তেওঁৰ একাধিক তথ্যচিত্ৰই ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বঁটা কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল।
তদুপৰি,পাৰ্থজিৎ বৰুৱাৰ “কিয়াৰ’স্কুৰ”য়ে হিমাচল প্ৰদেশ চৰকাৰে চিমলাত অনুষ্ঠিত কৰা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰাৰ লগতে মহাৰাষ্ট্ৰৰ কলাপুৰত অনুষ্ঠিত দ্বিতীয় ভিনটেজ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসত শ্ৰেষ্ঠ সম্পাদনাৰ সন্মানো লাভ কৰিবলৈ সমৰ্থ হৈছিল। চিমলা চলচ্চিত্ৰ মহোৎসৱত নিৰ্বাচিত মুঠ ৩২খন ছবিৰ ভিতৰত ৰাষ্ট্ৰীয় শাখাত “কিয়াৰ’স্কুৰ”য়ে সকলোকে চেৰ পেলাই এই সন্মান লাভ কৰিছিল। বৰুৱাই এই তথ্যচিত্ৰখন লোকসেৱক হলধৰ ভূঞাৰ পুত্ৰ বিশিষ্ট সমাজকর্মী মুকুট ভূঞাৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰিছিল । মুম্বাইৰ আন্ধেৰী ইষ্টত অনুষ্ঠিত সপ্তম ইণ্ডিয়ান চিনে ফিল্ম ফেষ্টিভেলত “কিয়াৰ’স্কুৰ”ৰ বাবে পার্থজিৎ বৰুৱাই শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি বৰুৱাই ১৫ আগষ্টৰ স্বাধীনতা দিৱসত ধেমাজি সংঘটিত শোকাৱহ ঘটনাৰ ওপৰত নিৰ্মিত “দ্য ধেমাজি ট্রেজেডী” তথ্যচিত্ৰৰ বাবে অৰুণাচলৰ নৰ্থ-ইষ্ট ফিল্ম ফেষ্টিভেল, কলকাতাৰ আন্তঃৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱ আৰু বম্বে আন্তঃৰাষ্ট্ৰীয় চুটি মহোৎসৱত শ্রেষ্ঠ পৰিচালক আৰু শ্রেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰাৰ লগতে গুৱাহাটী ৰাজপথত নিৰ্যাতিত লক্ষ্মী ওৰাঙৰ ওপৰত নির্মিত “লক্ষ্মী ওৰাং–ৰাইজিং ফ্রম দ্য গ্রেফ” তথ্যচিত্ৰৰ বাবে শ্রেষ্ঠ পৰিচালকৰ বঁটাৰ লগতে শ্ৰেষ্ঠ তথ্যচিত্ৰৰ সন্মান লাভ কৰিছিল বৰুৱাই । উল্লেখ্য যে যোৱা ৩০ জুলাইত কলকাতাত অনুষ্ঠিত হোৱা বঁটা বিতৰণী অনুষ্ঠানত শ্ৰেষ্ঠ তথ্যচিত্ৰৰ বঁটা গ্ৰহণ কৰে পৰিচালক পাৰ্থজিৎ বৰুৱাই ।