দিল্লীৰ এইমছত সোমবাৰে সংঘটিত হয় অগ্নিকাণ্ড ৷ এইমছৰ এণ্ড’স্কপি বিভাগত এই অগ্নিকাণ্ড সংঘটিত হয়। এই তথ্য লাভ কৰাৰ পিছতে ৮খনকৈ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ ততাতৈয়াকৈ সেই স্থানত উপস্থিত হয়। দিল্লী অগ্নিনিৰ্বাপক বাহিনীৰ তথ্য অনুসৰি, কিছু মুহূৰ্তৰ ভিতৰতে জুই নিয়ন্ত্ৰণ কৰা হয় ৷ সংবাদ সংস্থা এএনআইয়ে প্ৰকাশ কৰা অনুসৰি চিকিৎসালয়ত ভৰ্তি হোৱা ৰোগীসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰা হৈছে।
দিল্লীৰ এইমছৰ এণ্ড’স্কপি বিভাগ দ্বিতীয় মহলাত। এণ্ড’স্কপি বিভাগৰ ঠিক তলত চিকিৎসালয়খনৰ জৰুৰীকালীন বিভাগ। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি পুৱা প্ৰায় ১২ বজাত অগ্নিনিৰ্বাপক বাহিনীক জৰুৰীকালীন বিভাগৰ পৰা অগ্নিকাণ্ডৰ বিষয়ে অৱগত কৰা হয়। তাৰ লগতে ভৰ্তি ৰোগীসকলক নিৰাপদ স্থানলৈ স্থানান্তৰ কৰাৰ কামো আৰম্ভ হ’ল। চিকিৎসালয়খনৰ অগ্নিকাণ্ডৰ তথ্য লাভ কৰি ততাতৈয়াকৈ ৬খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী থিতাতে উপস্থিত হয়। এইমছে জনোৱা মতে, অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰা হৈছে। চিকিৎসালয়খনৰ সঞ্চালকেও সেই স্থানত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈছে।