দক্ষিণ পশ্চিম দিল্লীত ১০ মিনিটৰ ভিতৰত একেৰাহে তিনিটা ডকাইতিৰ ঘটনা সংঘটিত হয় ৷ ইয়াক লৈ দেশৰ ৰাজধানীত আতংক বিয়পি পৰিছে। দিল্লী আৰক্ষীয়েও এই ধাৰাক অতি বিপজ্জনক বুলি ভাবে। ইমান কম সময়ৰ ভিতৰত একেটা অঞ্চলতে তিনিটাকৈ ডকাইতি সংঘটিত হোৱাক লৈ তেওঁলোক অতিশয় চিন্তিত হৈ পৰিছে। ইতিমধ্যে দুমাহমান আগতে ব্যৱসায়ীৰ পৰা ধন লুট কৰাৰ বাবে ৰাজধানীৰ নিৰাপত্তাক লৈ প্ৰশ্ন উত্থাপন হৈছিল। ইয়াৰ উপৰিও আৰক্ষীয়েও প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হৈছিল।
ৰাজধানীৰ একেটা অঞ্চলতে ধাৰাবাহিকভাৱে ডকাইতি আৰু এটা ঘটনাত এজন বৃদ্ধৰ মৃত্যুৰ বাবে পুনৰবাৰ দিল্লী আৰক্ষীৰ বিৰিদ্ধে স্থানীয় লোকসকল সৰৱ হৈ পৰিছে । অৱশ্যে ঘটনাৰ কেইঘণ্টামানৰ ভিতৰতে তিনিজন অপৰাধীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। তেওঁলোকৰ বিৰুদ্ধে ৪২টা অপৰাধমূলক গোচৰ চলি আছে।
দক্ষিণ-পশ্চিম দিল্লীৰ সাগৰপুৰ অঞ্চলত সোমবাৰে পুৱা সংঘটিত হয় তিনিটা ডকাইতি। আৰক্ষীৰ তথ্য অনুসৰি ৭৪ বছৰীয়া মোহনলাল ছাবৰা নামৰ এজন ব্যক্তিৰ পৰা বাইকত আহি তিনিজন দুষ্কৃতিকাৰীয়ে নগদ ধন আৰু সোণৰ গহনা লুট কৰি লৈ যায়। বৃদ্ধ লোকজনে বাধা দিবলৈ চেষ্টা কৰাত দুস্কৃতিকাৰীয়ে তেওঁক হত্যা কৰে। সাগৰপুৰত এই ঘটনাৰ ১০ মিনিটৰ ভিতৰতে একেটা গোটে ডকাইতি সংঘটিত কৰে। ৭০ বছৰীয়া ওম দত্ত আৰু ৯৪ বছৰীয়া অশোক নামৰ দুজন লোককো হত্যা কৰাৰ চেষ্টা চলাইছিল। দুষ্কৃতিকাৰীয়ে দত্তৰ পৰা নগদ ধন আৰু কিছু নথি-পত্ৰ লুটপাত কৰে।
এই কম সময়ৰ ভিতৰতে একেটা অঞ্চলতে একেৰাহে তিনিটাকৈ ডকাইতি সংঘটিত হয়। স্থানীয় ৰাইজৰ অভিযোগ পোৱাৰ পিছত আৰক্ষীয়ে তালাচী আৰম্ভ কৰে। প্ৰথমে অক্ষয় কুমাৰ নামৰ এজন অপৰাধীক গ্ৰেপ্তাৰ কৰা হয়। ইয়াৰ পিছত আৰক্ষীয়ে সোনু আৰু বৈভৱ শ্ৰীবাস্তৱ নামৰ আৰু দুজন দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰে। এজন আৰক্ষী বিষয়াই কয় যে দুষ্কৃতিকাৰীয়ে নিৰ্বাচিতভাৱে জ্যেষ্ঠ নাগৰিকক লক্ষ্য কৰি লৈছে। এই ধাৰাটো অতি বিপদজনক। অৱশ্যে আৰক্ষীৰ সূত্ৰ অনুসৰি নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰা হৈছে।