মনোৰঞ্জন জগতত পুনৰ শোকৰ ছাঁ। কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় বঁটা বিজয়ী কলা পৰিচালক নীতিন দেশাইয়ে নিজৰ ষ্টুডিঅ’ত আত্মহত্যা কৰিছিল। এই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই আন এক বেয়া খবৰে জোঁকাৰি গ’ল বলিউড । ছলমান খানৰ ‘বডিগাৰ্ড’ ছবিৰ পৰিচালক ছিদ্দিকী ইছমাইলৰ মৃত্যু হৈছে । সোমবাৰে দুপৰীয়া হাৰ্ট এটেকত আক্ৰান্ত হৈ পৰিচালকজনক লগে লগে কোচিৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ৩০ ঘণ্টা চিকিৎসাধীন হৈ থকাৰ পাছত মঙলবাৰে নিশা চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে বিখ্যাত পৰিচালকগৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৩ বছৰ।
কেইবাদিনো ধৰি তেওঁ নিউমোনিয়া আৰু লিভাৰৰ সমস্যাত ভুগি আছিল। তেওঁ চিকিৎসাধীন হৈ আছিল। কিন্তু হঠাৎ হাৰ্ট এটেক হয়। গোটেই দিনটো তেওঁক আইচিইউত ৰখা হৈছিল। পিছত পৰিচালকজনক ভেণ্টিলেটৰৰ সহায়ত ৰখা হয় ৷ মালয়ালম চিনেমাৰ এইজন জনপ্ৰিয় পৰিচালক মঙলবাৰে নিশা শেষ নিশ্বাস ত্যাগ কৰে।
আশীৰ দশকৰ পৰা কেৰিয়াৰ আৰম্ভ কৰিছিল তেওঁ । তিনি দশকৰো অধিক সময় তেওঁ দক্ষিণৰ ছবিৰ সৈতে জড়িত আছিল। মূলসুঁতিৰ ব্যৱসায়িক চিনেমাত তেওঁ সুপৰিচিত।তেওঁ ‘গডফাদাৰ’, ‘কাবুলীৱালা’, ‘হিটলাৰ’, ‘ফ্ৰেণ্ডছ’, ‘ভিয়েটনাম কলনী’ৰ দৰে হিট ছবি পৰিচালনা কৰিছিল।’হালচল’ ছবিৰে বলীউডত অভিষেক ঘটায়। তেওঁ আছিল প্ৰিয়দৰ্শনৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ চিত্ৰনাট্যকাৰ। ইয়াৰ পিছত ২০১১ চনত তেওঁ ছলমান খান, কৰীনা কাপুৰ অভিনীত ছবি ‘বডিগাৰ্ড’ পৰিচালনা কৰে।তেওঁৰ শেষৰখন ছবি আছিল মোহনলাল আৰু অৰবাজ খান অভিনীত ‘বিগ ব্রাদাৰ’।
তেখেতৰ মৃত্যুৰ খবৰে ছবি জগতখনক মৰ্মাহত কৰিছে।পৰিচালক গৰাকীৰ মৃত্যুৰ খবৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে অভিনেতা ছালমানে। অতুল অগ্নিহোত্ৰী আৰু মোহনলালেও শোক প্ৰকাশ কৰে।