দেশৰ ৰিজাৰ্ভ বেংকে একেৰাহে তিনিবাৰকৈ সুতৰ হাৰ অপৰিৱৰ্তিত ৰাখিছে ৷ বৰ্তমান ৰেপো ৰেট ৬.৫ শতাংশ ধার্য কৰা হৈছে। ৰিজাৰ্ভ বেংকৰ এই সিদ্ধান্তৰ ফলস্বৰূপে গ্ৰাহকে ঘৰৰ ঋণ, গাড়ী ঋণ বা অন্যান্য ঋণৰ ওপৰত অতিৰিক্ত সুত ভৰিব নালাগিব। মঙলবাৰে ৰিজাৰ্ভ বেংকৰ ছয়জনীয়া অৰ্থনৈতিক পৰিক্ৰমা সমিতিৰ দ্বিমাহেকীয়া বৈঠক অনুষ্ঠিত হয়। বৃহস্পতিবাৰৰ বৈঠকৰ শেষত ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ শক্তিকান্ত দাসে ৰেপো ৰেটত কোনো পৰিৱৰ্তন হোৱা নাই বুলি প্ৰকাশ কৰে ৷
অৱশ্যে শক্তিকান্ত দাসে মুদ্ৰাস্ফীতিৰ হাৰক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় “মে’ মাহত মুদ্ৰাস্ফীতিৰ হাৰ আছিল ৪.৩ শতাংশ। জুন মাহত ই বৃদ্ধি পাইছে। শাক-পাচলিৰ দাম বৃদ্ধিৰ বাবে জুলাই-আগষ্ট মাহত আৰু অধিক বৃদ্ধি পাব পাৰে মুদ্ৰাস্ফীতিৰ হাৰ। “অৱশ্যে তাৰ পাছত মুদ্ৰাস্ফীতিৰ হাৰ নিয়ন্ত্ৰণলৈ আহিব বুলি আশাবাদী শক্তিকান্ত। মুদ্ৰাস্ফীতি ৰোধৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰে তেওঁ । তেওঁ কয় যে এল নিনো (সাগৰৰ পানীৰ উষ্ণতা অস্বাভাৱিকভাৱে বৃদ্ধি পোৱা আৰু বাৰিষাৰ কাৰ্যকলাপ) শাক-পাচলিৰ দাম নিয়ন্ত্ৰণৰ বাবে নিৰীক্ষণ কৰা হৈছে।
ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰে বিশ্বৰ অৰ্থনীতি আৰু ৰাজনীতিত বিভিন্ন সংকটৰ মাজতো আন্তৰ্জাতিক অৰ্থনৈতিক বিকাশত ১৫ শতাংশ অৰিহণা যোগাবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰে। শাক-পাচলিৰ মূল্য বৃদ্ধিৰ বাবে চলিত বিত্তীয় বৰ্ষত মুদ্ৰাস্ফীতিৰ সম্ভাৱ্য হাৰ ৫.১ শতাংশৰ পৰা ৫.৪ শতাংশ হ’ব পাৰে বুলি ৰিজাৰ্ভ বেংকে আশংকা কৰিছে ৷দেশৰ এপেক্স বেংকে বিলাহীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি মুদ্ৰাস্ফীতিৰ অন্তৰ্নিহিত কাৰণ হিচাপে দোষাৰোপ কৰে।