উত্তৰ কোৰিয়াৰ নেতা কিম জং উনে বৰ্খাস্ত কৰিলে দেশৰ সেনা প্ৰধানক। একে সময়তে কিমে যুদ্ধৰ প্ৰস্তুতিৰ নিৰ্দেশ দিছে । এই পদক্ষেপে দেশত হুলস্থুলৰ সৃষ্টি কৰিছে। এই খবৰ বৃহস্পতিবাৰে দেশৰ সংবাদ মাধ্যম কেচিএনএয়ে প্ৰকাশ কৰিছে ৷
জানিব পৰা মতে কেন্দ্ৰীয় সামৰিক আয়োগৰ বৈঠকত কিম উপস্থিত আছিল । তাতে এই পদক্ষেপ ল’বলৈ তেওঁ নির্দেশ দিছে ৷ সেই বৈঠকত কিমে কয় যে উত্তৰ কোৰিয়াৰ কোনো শত্ৰুক ৰেহাই দিয়া নহ’ব। তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। অৱশ্যে কিমে কাক শত্ৰু বুলি উল্লেখ কৰিছে সেই কথা উল্লেখ কৰা নাছিল। কিমে অস্ত্ৰ উৎপাদন, সামৰিক অনুশীলনত গুৰুত্ব দিয়াৰ নিৰ্দেশ প্ৰদান কৰিছে । ইয়াৰ উপৰিও তেওঁ সম্ভাৱ্য যুদ্ধৰ প্ৰস্তুতিৰ নিৰ্দেশ দিছিল।
ইয়াৰ পিছত কিমে সেই দেশৰ ‘চীফ অৱ জেনেৰেল ষ্টাফ’ পাক ছু ইলক বৰ্খাস্ত কৰে। তেওঁৰ ঠাইত প্ৰতিৰক্ষা মন্ত্ৰী ৰি ইয়ং-গিলক নিযুক্তি দিয়া হৈছে। অৱশ্যে ৰিৰ প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকিব নে নাই সেয়া স্পষ্ট হোৱা নাই। পাক ছু ইলক কিয় চাকৰিৰ পৰা বৰ্খাস্ত কৰা হ’ল সেয়া জানিব পৰা হোৱা নাই।
সেনাধ্যক্ষক অপসাৰণ কৰাৰ উপৰিও কিমে অস্ত্ৰ উৎপাদনত গুৰুত্ব দিয়াৰ নিৰ্দেশ দিয়ে। উত্তৰ কোৰিয়াৰ শাসকে যোৱা সপ্তাহত অস্ত্ৰ কাৰখানা পৰিদৰ্শন কৰিছিল। তেওঁ অস্ত্ৰ-শস্ত্ৰ আৰু ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ নিৰ্দেশ দিয়ে। কিন্তু কিমে হঠাতে অস্ত্ৰ উৎপাদনত গুৰুত্ব দিয়াৰ নিৰ্দেশ কিয় দিলে তাক লৈ বিতৰ্ক আৰম্ভ হৈছে। বহুতে ভাবে যে কিমে দক্ষিণ কোৰিয়াৰ কথা কৈছে। শেহতীয়াকৈ আমেৰিকাই দাবী কৰিছে যে উত্তৰ কোৰিয়াই ৰাছিয়ালৈ অস্ত্ৰ-শস্ত্ৰ প্ৰেৰণ কৰিছে। অৱশ্যে ৰাছিয়া আৰু উত্তৰ কোৰিয়াই এই দাবী অস্বীকাৰ কৰিছে।