তেলেংগানাৰ এটা চৰকাৰী কার্যালয়ৰ অদ্ভূত দৃশ্যই সকলোকে আচৰিত কৰি তুলিছে ৷ কার্যালয়টোত প্ৰতিগৰাকী কর্মচাৰীয়েই হেলমেট পৰিধান কৰিহে কর্তব্য সম্পাদন কৰিছে ৷ প্ৰকৃতার্থত কাৰ্যালয়ৰ চাদ ভাঙি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ ভয়তে তেলেংগানাৰ চৰকাৰী কৰ্মচাৰীয়ে হেলমেট পিন্ধি কাম কৰি আছে। সেই ৰাজ্যৰ জগতিয়াল জিলাৰ বীৰপুৰত থকা মণ্ডল পৰিষদ উন্নয়ন কাৰ্যালয়ত দেখা গৈছে এই অদভুত দৃশ্য । খৰখেদাকৈ এটা জৰাজীৰ্ণ ঘৰলৈ কাৰ্যালয়টো স্থানান্তৰ কৰা বুলি কৰ্মচাৰীসকলে অভিযোগ কৰিছে । পূৰ্বে চাদৰ পৰা খহি অহা শিল-ইটাr টুকুৰাই দুই এজন লোকক আহত কৰাৰপাছত সতৰ্কতামূলক ব্যৱস্থা হিচাপে কাৰ্যালয়ত কৰ্মৰত চৰকাৰী কৰ্মচাৰীয়ে হেলমেট পৰিধান কৰিবলৈ আৰম্ভ কৰিছে।
কোনো ধৰণৰ চোৱাচিতা নকৰাকৈ ব্যক্তিগত মালিকানাধীন ঘৰত চৰকাৰী কাৰ্যালয় স্থাপন কৰা বুলিও অভিযোগ উত্থাপন কৰে কৰ্মচাৰীসকলে। কিছুদিন পূৰ্বে এজন কৰ্মচাৰীৰ টেবুলত ছাদৰ শিল খহি পৰিছিল ৷ জিলা প্ৰশাসনেও ঘৰটোক ‘বিপজ্জনক’ বুলি স্বীকাৰ কৰি অন্য ঠাইত কাৰ্যালয় খোলাৰ পৰামৰ্শ আগবঢ়াইছে। ইয়াৰ পিছতো তাত কাৰ্যালয়টো চলি আছে।
কৰ্মচাৰীসকলে কয় যে কাৰ্যালয়লৈ অহা লোকসকলক সুৰক্ষা প্ৰদানৰ বাবে শেহতীয়াকৈ চৰকাৰী আঁচনিৰ হিতাধিকাৰীসকলক বাহিৰত গাড়ী ৰাখিবলৈ দিয়া হৈছে ৷