ৰাহুল গান্ধীক শাস্তি প্ৰদান কৰা চুৰাট দণ্ডাধীশ আদালতৰ ন্যায়াধীশৰ পূৰ্বে ‘অবৈধ পদোন্নতি’ত স্থগিতাদেশ দিয়া হৈছিল। এইবাৰ উচ্চতম ন্যায়ালয়ে ৰাহুলৰ শাস্তি বাহাল ৰখা গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক বদলি কৰে। মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ৰ নেতৃত্বত গঠিত কলেজিয়ামে গুজৰাট উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ হেমন্ত প্ৰচাকক পাটনা উচ্চ ন্যায়ালয়লৈ বদলি কৰিছে। ন্যায়াধীশ প্ৰচাকৰ লগতে দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ৰ আন ৮ গৰাকী ন্যায়াধীশক বদলি কৰা হৈছে।
যোৱা ৩ আগষ্টত মুখ্য ন্যায়াধীশ চন্দ্ৰচুড়ৰ নেতৃত্বত উচ্চতম ন্যায়ালয়ৰ কলেজিয়ামৰ বৈঠকত এই বদলিৰ সিদ্ধান্ত লোৱা হৈছিল। এই সন্দৰ্ভত বৃহস্পতিবাৰে সন্ধিয়া জাৰি কৰা হৈছে এক অধিসূচনা। প্ৰসংগক্ৰমে যোৱা ৪ আগষ্টত উচ্চতম ন্যায়ালয়ে ‘ফৌজদাৰী মানহানি’ গোচৰত অভিযুক্ত ৰাহুলৰ শাস্তি স্থগিত ৰাখিছিল। ইয়াৰ পিছত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই তেওঁক সাংসদ হিচাপে ঘূৰাই দিয়ে। প্ৰসংগক্ৰমে যোৱা ৭ জুলাইত ন্যায়াধীশ প্ৰচাকে নিম্ন আদালতৰ ৰায়দানৰ ওপৰত স্থগিতাদেশ বিচাৰি দাখিল কৰা ৰাহুল গান্ধীৰ আবেদন নাকচ কৰিছিল।
যোৱা ২৩ মাৰ্চত গুজৰাটৰ চুৰাট দণ্ডাধীশ আদালতৰ ন্যায়াধীশ হৰিশ হাছমুখভাই বাৰ্মাই ২০১৯ চনৰ লোকসভা নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰ্ণাটকৰ কোলাৰত ‘মোডী’ উপাধিক লৈ আপত্তিজনক মন্তব্য কৰাৰ অপৰাধত ৰাহুলক দুবছৰৰ কাৰাদণ্ড বিহে। অভিযোগ অনুসৰি নিয়ম ভংগ কৰি তেওঁক পদোন্নতি দিয়া হৈছিল। ১২ মে’ত ন্যায়াধীশ এম আৰ শ্বাহ আৰু ন্যায়াধীশ চি টি ৰবিকুমাৰে গঠিত উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে পদোন্নতি স্থগিত ৰাখিছিল।