তালিবান অধ্যুষিত আফগানিস্তান এতিয়াৰ মানৱতাৰ বধ্যভূমি। শেহতীয়াকৈ তালিবানৰ নৃশংসতাৰ বলি হ’ল দেশখনৰ লোকশিল্পী ফায়াদ আন্দাৰাবি।
শিল্পী গৰাকীক হত্যাৰ পিছত তালিবানৰ মুখপাত্ৰ জাবিউল্লা মুজাহিদে কৈছে যে ঘটনাটোৰ তদন্ত কৰা হ’ব কিন্তু হত্যা সম্পৰ্কীয় কোনো তথ্য তেওঁলোকৰ হাতত নাই। আনহাতে তালিবানী আইন মতে ইছলাম ধৰ্মত সংগীত কঠোৰভাৱে নিষিদ্ধ আৰু সেয়ে সকলোকে সংগীতৰ পৰা দূৰত থকাৰ নিৰ্দেশ দিয়া হৈছিল।
আফগানিস্তান দখলৰ পাছৰ পৰাই তালিবানে এটা এটা নৃশংস কাৰ্যকলাপেৰে বিশ্ববাসীক উদ্বিগ্ন কৰি ৰাখিছে। আনহাতে ফায়াদ আন্দাৰাবিক হত্যাৰ পূৰ্বে তালিবানীয়ে তেওঁৰ সৈতে চাহ খাইছিল বুলি বাতৰিত প্ৰকাশ কৰা হৈছে।
উল্লেখ্য যে লোকশিল্পী আন্দাৰাবিয়ে প্ৰধানকৈ আফগানিস্তানৰ প্ৰশংসা বিষয়ক সংগীতেই পৰিৱেশন কৰিছিল আৰু তেওঁৰ গীতৰ বিষয়বস্তু আফগানিস্তানৰ লোকসকলেই আছিল। শিল্পীগৰাকীৰ পুত্ৰই উল্লেখ কৰা অনুসৰি কিছুসংখ্যক তালিবান পূৰ্বতেও তেওঁলোকৰ ঘৰলৈ আহিছিল আৰু দেউতাকৰ সৈতে কোনো ধৰণৰ শত্ৰুতাৰ মনোভাৱ পোষণ কৰা নাছিল।
ইছলাম ধৰ্মত সংগীত সঁচাকৈয়ে নিষিদ্ধ নেকি নে এয়া তালিবানৰ দ্বাৰা ঘোষিত আইন? সেই লৈ সচেতন মহলত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া।