বিহাৰৰ জনসাধাৰণে অতি সোনকালেই লাভ কৰিব চিকিৎসাৰ ক্ষেত্ৰত এক বিশেষ সুবিধা। চিকিৎসাৰ ক্ষেত্ৰত এক নতুন আৱিষ্কাৰ হৈছে ৰবটৰ দ্বাৰা চাৰ্জাৰী কৰা পদ্ধতি। উল্লেখ্য যে পাটনা (Indira Gandhi Institute of Medical Sciences-IGIMS) ত মেদবহুলতাৰ চিকিৎসাৰ বাবে অপাৰেচন কৰোৱা হ’ব ৰবটৰ দ্বাৰা। এই ধৰণৰ চাৰ্জাৰীৰ বাবে এক সম্পূৰ্ণ পৃথক অপাৰেচন থিয়েটাৰৰ ব্যৱস্থা কৰা হৈছে IGIMS ত।
উল্লেখ্য যে এই সংস্থাৰ মুখ্য নিৰ্দেশক ড. এন আৰ বিশ্বাসে ৰবটিক চাৰ্জাৰীৰ বাবে অনুস্থিত হোৱা এক কৰ্মশালাত এই কথা সদৰি কৰে। ৰবটিক চাৰ্জাৰীৰ “slim gastrectomy method ”ৰ সহায়ত খুব কম সময়ৰ ভিতৰত কৰিব পাৰি এই অপাৰেচন।
প্ৰাপ্ত তথ্য মতে ৰোগীয়ে এই চাৰ্জাৰীৰ পাচত কেৱল ওজন হ্ৰাস কৰাই নহয় , আন বহুতো ৰোগৰ পৰাও আৰোগ্য লাভ কৰে। সেই চাৰ্জাৰীৰ বিশেষজ্ঞ সকলৰ মতে জনসাধাৰণক এই চাৰ্জাৰীৰ ক্ষেত্ৰত বিশেষভাৱে অৱগত কৰা হ’ব যাতে এই চিকিৎসাৰ সুবিধা ল’ব পাৰে।