আমেৰিকাৰ এৰিজোনা কাৰখানাত ভাৰতীয় সেনাৰ বাবে আপাচি হেলিকপ্টাৰ নির্মাণ আৰম্ভ হৈছে। এই কথা প্ৰকাশ কৰিছে নিৰ্মাতা প্ৰতিষ্ঠান বয়িঙে। ২০২০ চনত ভাৰতীয় সেনাই ছখন আপাচি এ এইচ-৬৪ই কপ্টাৰ ক্ৰয় কৰিবলৈ চুক্তিৱদ্ধ হৈছিল ৷ বয়িঙে কয় যে এই চুক্তি অনুসৰি হেলিকপ্টাৰ যোগান ধৰাৰ বাবে নির্মাণকার্য আৰম্ভ কৰা হৈছে । ২০২৪ চনৰ পৰা ভাৰতীয় সেনাবাহিনীক হেলিকপ্টাৰ যোগান আৰম্ভ কৰাৰ কথাও ঘোষণা কৰিছে বয়িঙে।
আমেৰিকাত নিৰ্মিত আপাচি এ এইচ-৬৪ই হেলিকপ্টাৰখন অন্তৰ্ভুক্ত কৰি ভাৰতীয় বায়ুসেনাত নিজৰ অস্ত্ৰভাণ্ডাৰ শক্তিশালী কৰিবলৈ ২০১৯ চনত চুক্তি কৰা হৈছিল। এইবাৰ ‘আৰ্মি এভিয়েশন কৰ্পছ’য়েও সেই হেলিকপ্টাৰখন লাভ কৰিব ৷ বৰ্তমান সেনাবাহিনীৰ হাতত আছে ৰাছিয়াত নিৰ্মিত হেলিকপ্টাৰ ৷ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰ অনুসৰি সেই হেলিকপ্টাৰৰ পৰিৱৰ্তে আপাচি এ এইচ-৬৪ই হেলিকপ্টাৰ ব্যৱহাৰ কৰা হ’ব।
সেনাৰ সূত্ৰ অনুসৰি আপাচি এ এইচ-৬৪ই হেলিকপ্টাৰৰ সৰ্বোচ্চ গতিবেগ প্ৰতি ঘণ্টাত ২৮৪ কিলোমিটাৰ। কপ্টাৰখনত লেজাৰ গাইডেড হেলফায়াৰ মিছাইল, ৭০ মিলিমিটাৰ ৰকেট আৰু ৩০ মিলিমিটাৰ অটোমেটিক কামান আছে। প্ৰয়োজন হ’লে আমেৰিকাত নিৰ্মিত এই যুদ্ধ হেলিকপটাৰখনে প্ৰতি মিনিটত ২৮০০ ফুট উচ্চতালৈ উঠিব পাৰে। ভাৰতৰ বাহিৰেও আমেৰিকা আৰু ইজৰাইলৰ বায়ুসেনাই এই হেলিকপ্টাৰ ব্যৱহাৰ কৰে। এই হেলিকপ্টাৰখনত আছে ডিজিটেল ককপিট। আপাচিয়ে শত্ৰুক লক্ষ্য কৰি প্ৰতি মিনিটত ১২৮ ৰাউণ্ড গুলিয়াব পাৰে। ইয়াৰ উপৰিও ইয়াত হাইড্ৰ’ ৰকেট লঞ্চাৰ আছে। আপাচি বিমানখনে এয়াৰ টু এয়াৰ ষ্ট্ৰিংগাৰ মিছাইল নিক্ষেপ কৰিবলৈও সক্ষম।