গোলকগঞ্জৰ হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চুৰিকাণ্ড সংঘটিত। নিশা চোৰে লুটি নিলে লক্ষাধিক টকাৰ সা- সামগ্ৰীৰ লগতে নগদ ধন। আলমাৰিৰ তলা ভাঙি নগদ ধন চুৰি কৰাৰ লগতে চিচি টিভিৰ বক্স, প্ৰিন্টাৰ আদি লুটি নিলে চোৰে। চোৰে আলমিৰাত থকা নথি পত্ৰ তচ নছ কৰাৰ অভিযোগ। হালাকুৰা থানাৰ গাতে লাগি থকা হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত চুৰিকাণ্ডৰ ঘটনাই অঞ্চলটোত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। নিৰপত্তা হীনতাত সাধাৰণ ৰাইজ। হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় কতৃপক্ষই ঘটনা সন্দৰ্ভত হালাকুৰা থানাত এজাহাৰ দাখিল কৰে। হালাকুৰা আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে। বিদ্যালয় কতৃপক্ষই ২৪ ঘন্টাৰ ভিতৰত হালাকুৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চুৰিকাণ্ডৰ লগত জড়িত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ ধুবুৰী আৰক্ষী অধীক্ষকক অনুৰোধ জনায়।