চন্দ্ৰ পৃষ্ঠ স্পর্শ কৰাৰ দিশে আগবাঢ়িছে চন্দ্ৰযান-৩ ৷ বৃহস্পতিবাৰে মহাকাশযানখনৰ পৰা পৃথক হয় লেণ্ডাৰখন। চন্দ্ৰযান-৩ৰ লেণ্ডাৰ ‘বিক্ৰম’ অহা বুধবাৰে চন্দ্ৰত অৱতৰণ কৰিব।
মূল মহাকাশযানৰ পৰা পৃথক হোৱাৰ পিছত লেণ্ডাৰ বিক্ৰমৰ প্ৰাৰম্ভিক গন্তব্যস্থান চন্দ্ৰপৃষ্ঠৰ পৰা ৩০ কিলোমিটাৰ উচ্চতাৰ কক্ষপথত থাকিব বুলি ইছৰোৱে জানিবলৈ দিয়ে। তাৰ পৰাই পর্যায়ক্ৰমে চন্দ্ৰৰ মাটিলৈ নমাই অনা হ’ব।
বৃহস্পতিবাৰে চন্দ্ৰযান-৩ৰ পৰা বিক্ৰম বিচ্ছিন্ন হোৱাৰ পিছত আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে চন্দ্ৰপৃষ্ঠত অৱতৰণ প্ৰক্ৰিয়া। ইতিমধ্যে ইছৰ’ই ঘোষণা কৰিছে যে অহা ২৩ আগষ্টত এই লেণ্ডাৰখনে চন্দ্ৰপৃষ্ঠ স্পৰ্শ কৰিব। কিন্তু বহুতে ভাবে যে নিৰ্ধাৰিত সময়ৰ আগতেই বিক্ৰমে চন্দ্ৰত অৱতৰণ কৰিব পাৰে।
ইছৰোৰ মূল মহাকাশযানৰ পৰা বিচ্ছিন্ন হৈ বিক্ৰমক চন্দ্ৰত অৱতৰণ কৰিবলৈ এতিয়াও ছয় দিন আছে। কিন্তু পৃথক হোৱাৰ পিছত অৱতৰণ প্ৰক্ৰিয়াত সাধাৰণতে ইমান সময় নালাগে। ফলত ‘বিক্ৰম’ সময়ৰ আগতেই চন্দ্ৰত অৱতৰণ কৰিব নে নাই তাক লৈ উৎকণ্ঠাৰ সৃষ্টি হৈছে ৷
‘বিক্ৰম’ৰ মূল গন্তব্যস্থান হৈছে চন্দ্ৰৰ দক্ষিণ মেৰু। কোনো দেশৰ কোনো মহাকাশযান এতিয়াও তাত অৱতৰণ কৰা নাই। ইছৰোৱে চন্দ্ৰৰ দক্ষিণ মেৰুত লেণ্ডাৰ সফলতাৰে অৱতৰণ কৰিবলৈ সক্ষম হ’লে ভাৰতে ইতিহাসৰ সৃষ্টি কৰিব।
১৪ জুলাইৰ দুপৰীয়া ২:৩৫ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ লঞ্চ পেডৰ পৰা চন্দ্ৰযান-৩ সফলতাৰে উৎক্ষেপণ কৰা হয়। চন্দ্ৰযান-৩ উৎক্ষেপণৰ ২২ দিনৰ পিছত চন্দ্ৰ কক্ষপথত উপনীত হয়।