উন্মত্ত একাংশ লোকে ইটোৰ পিছত সিটো গীৰ্জা ভাঙি জ্বলাই দিছে । সংখ্যালঘু খ্ৰীষ্টান সম্প্ৰদায়ৰ ঘৰত মুক্তভাৱে চলিছে লুণ্ঠন! পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ উদ্যোগিক চহৰ ফৈছালাবাদকে ধৰি কেইবাটাও অঞ্চলত বুধবাৰে বিয়লিৰ পৰা অনুৰূপ দৃশ্য পৰিলক্ষিত হৈছে ৷
ধর্ম অৱমাননাৰ অভিযোগত হিন্দুৰ ওপৰত আক্ৰমণ, মন্দিৰত অগ্নিসংযোগ কৰাটো পাকিস্তানত সাধাৰণ কথা। এইবাৰ অভিযোগ উত্থাপন হৈছে যে পাকিস্তানী উগ্ৰ মুছলমান গোটে একে অভিযোগতে খ্ৰীষ্টানসকলক লক্ষ্য কৰি লৈছে। আমেৰিকাৰ সংবাদ মাধ্যম চিএনএনৰ মতে, বুধবাৰে পঞ্জাৱৰ জাৰণৱালাত আৰক্ষীয়ে দুজন খ্ৰীষ্টান যুৱকক ঈশ্বৰ নিন্দা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিছত উত্তেজনা বিয়পি পৰে। গীৰ্জা আৰু খ্ৰীষ্টান সম্প্ৰদায়ক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷
বৃহস্পতিবাৰে আমেৰিকাই পাকিস্তানত খ্ৰীষ্টানসকলৰ ওপৰত হোৱা আক্ৰমণৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি জো বাইডেনৰ প্ৰশাসনৰ ষ্টেট ডিপাৰ্টমেণ্টৰ মুখপাত্ৰ বেদান্ত পেটেলে কয় যে পঞ্জাৱ প্ৰদেশত খ্ৰীষ্টানসকলৰ ওপৰত চলি থকা হিংসাক লৈ ৱাশ্বিংটন চিন্তিত। তেওঁ কয়, ‘পাকিস্তান চৰকাৰে সংখ্যালঘুসকলৰ বাবে অনতিপলমে নিৰাপত্তাৰ ব্যৱস্থা কৰিব লাগে। ঘটনাৰ তদন্ত কৰি দোষী চিনাক্ত কৰিব লাগে।”