যোৱা১৩ আগষ্ট ২০২৩ তাৰিখে গুৱাহাটীৰ লতাকটা দুৰ্গা মন্দিৰত জাতীয় সাংস্কৃতিক বৰভেটি, অসম, কামৰূপ মহানগৰ জিলাৰ এখন গুৰুত্বপূৰ্ণ কাৰ্য্যনিৰ্বাহক সভা সংগঠনটোৰ স্থায়ী সভাপতি গীতিকা দেৱীৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। উক্ত সভাত আগন্তুক বছৰত শিৱসাগৰত অনুষ্ঠিত হ’ব লগা উত্তৰ পূব সমন্বয় সমাৰোহৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা কৰা হয়।
এই সভাতে দৈনন্দিন বাৰ্তা বাতৰি কাকত খনৰ সম্পাদক শঙ্কৰ গোঁহাই আৰু মামণি ডেকাক উপসভাপতি, আৰ জে ৰীতু গগৈক মুখ্য প্ৰচাৰ সম্পাদক আৰু পঞ্চৱতী দাসক কোষাধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হয়। ইয়াৰ উপৰিও জাতীয় সাংস্কৃতিক বৰভেটি, অসম, কামৰূপ মহানগৰ জিলাৰ বাবে এক নাট্যগোষ্ঠী খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু ইয়াৰ মূল দায়িত্ব চলচ্চিত্ৰ পৰিচালক আৰু অভিনেতা দ্বিজেন্দ্ৰ মোহন শৰ্মা আৰু বিশিষ্ট নাট্যকাৰ ভূপেন গোস্বামীৰ ওপৰত ন্যস্ত কৰা হয়।ইয়াৰ উপৰিও ৰূপকোঁৱৰ দিৱসৰ লগত সংগতি ৰাখি ডালিমী দেৱীয়ে লিখা সংগীতালেখ্য খনৰ অংশ গ্ৰহণকাৰী সকলকো প্ৰশংসা পত্ৰ প্ৰদান কৰা হয়।