পাকিস্তানৰ নতুন অন্তৱর্তীকালীন চৰকাৰত মন্ত্ৰী হিচাপে দায়িত্ব লাভ কৰিছে জে কে এল এফৰ নেতা ইয়াচিন মালিকৰ পত্নী মুছাল। অন্তৱৰ্তীকালীন প্ৰধানমন্ত্ৰী আনোৱাৰ-উল-হক-কাকাৰৰ নেতৃত্বত চৰকাৰৰ মানৱ অধিকাৰ পৰিক্ৰমা বিভাগৰ উপদেষ্টাৰ দায়িত্ব অৰ্পণ কৰা হৈছে মুছালক। যিটো তত্বাৱধান চৰকাৰৰ মন্ত্ৰীৰ পদ। অভিযোগ অনুসৰি পেছাত চিত্ৰশিল্পী মুছালে জে কে এল এফকে ধৰি কাশ্মীৰ উপত্যকাত সক্ৰিয় বিভিন্ন বিচ্ছিন্নতাবাদী সংগঠন আৰু উগ্ৰপন্থী সংগঠনৰ সৈতে অহৰহ যোগাযোগত আছিল।
২০২২ চনৰ ২৪ মে’ত এখন নিম্ন আদালতে কাশ্মীৰ উপত্যকাৰ বাসিন্দা তথা জে কে এল এফৰ নেতা ইয়াছিনক ইউ এ পি এৰ বিভিন্ন ধাৰাত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। সন্ত্ৰাসবাদক বিত্তীয় সাহায্য প্ৰদান কৰা, সন্ত্ৰাসবাদ বিয়পোৱা আৰু বিচ্ছিন্নতাবাদী কাৰ্যকলাপত লিপ্ত হোৱাৰ দোষ স্বীকাৰ কৰে য়াছিনে। বৰ্তমান তেওঁ দিল্লীৰ তিহাৰ কাৰাগাৰত বন্দী হৈ আছে। যদিও ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা গোচৰত তেওঁক দোষী সাব্যস্ত কৰা হৈছিল, তথাপিও নিম্ন আদালতে শাস্তি প্ৰদানৰ সময়ত কয় যে ইয়াচিনৰ গোচৰ ‘আটাইতকৈ বিৰল’ শ্ৰেণীত নপৰে। ফলত তেওঁক মৃত্যুদণ্ড দিব পৰা নাযায়।
নিম্ন ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে দিল্লী উচ্চ ন্যায়ালয়ত আবেদন জনাইছিল তদন্তকাৰী এন আই এয়ে। তেওঁলোকে বিভিন্ন প্ৰমাণ দাঙি ধৰি দাবী কৰে যে ইয়াছিন সন্ত্ৰাসবাদৰ বিত্তীয় সাহায্য আৰু উত্থানত সহযোগিতাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। প্ৰসংগক্ৰমে মে’ মাহত ইয়াছিনৰ শাস্তি ঘোষণাৰ পিছত তেতিয়াৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে টুইটাৰযোগে লিখিছিল, ‘আজি ভাৰতীয় গণতন্ত্ৰ আৰু ইয়াৰ ন্যায়পালিকাৰ বাবে ক’লা দিন। ভাৰতে ইয়াচিন মালিকক শাৰীৰিকভাৱে কাৰাগাৰত ভৰাই ৰাখিব পাৰে কিন্তু তেওঁ মূৰ্ত কৰি ৰখা স্বাধীনতাৰ আত্মাক কেতিয়াও বাধা দিব নোৱাৰে। সাহসী স্বাধীনতা সংগ্ৰামীগৰাকীৰ আজীৱন কাৰাদণ্ডই কাশ্মীৰৰ জনসাধাৰণৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ সংগ্ৰামক সতেজ গতি প্ৰদান কৰিব।“