বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদক পশুখাদ্য দুৰ্নীতিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিবলৈ সক্ৰিয় হৈ পৰিছে চিবিআই। কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই উচ্চতম ন্যায়ালয়ত আৰজেডিৰ মুৰব্বী লালু প্ৰসাদৰ জামিন বাতিলৰ দাবীত আবেদন দাখিল কৰিছে।
উল্লেখ্য যে, ২০২২ চনৰ এপ্ৰিল মাহত ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে ড’ৰাণ্ডা কোষাগাৰ গোচৰত বিহাৰত নব্বৈৰ দশকৰ পশুখাদ্য কেলেংকাৰীৰ গোচৰত পাঁচ বছৰৰ কাৰাদণ্ডৰ শাস্তি লাভ কৰা লালুক স্বাস্থ্যৰ দোহাই দি জামিন মঞ্জুৰ কৰিছিল। সেই সিদ্ধান্তক চিবিআইয়ে উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে। ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত লালুক দোষী সাব্যস্ত কৰি ৰাচীৰ চিবিআইৰ বিশেষ আদালতে ড’ৰাণ্ডা কোষাগাৰৰ পৰা ১৩৯ কোটি টকাৰ অধিক ধন আত্মসাৎ কৰাৰ অপৰাধত কাৰাগাৰলৈ প্ৰেৰণ কৰে।
ইয়াৰ পূৰ্বে ২০১৩ আৰু ২০১৭ চনত আন দুটা পশুখাদ্যৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত তেওঁক জেললৈ প্ৰেৰণ কৰা হৈছিল। তেওঁক মুঠ ১৪ বছৰৰ কাৰাদণ্ডৰ লগতে ৬০ লাখ টকাৰ জৰিমনা বিহা হয়। অৱশ্যে দুয়োবাৰেই জামিনত মুকলি কৰি দিয়া হয়। বিৰোধী শিবিৰৰ অভিযোগ যে কেন্দ্ৰীয় সংস্থাটোৰ এই ‘ৰাজনৈতিকভাৱে প্ৰেৰিত’ পদক্ষেপ ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে বিহাৰত ‘ইণ্ডিয়া’ক বিপদত পেলোৱাৰ বাবে কৰা হৈছে । কোষাগাৰ গোচৰত লালুক ১৪ বছৰৰ কাৰাদণ্ড বিহা ন্যায়াধীশ শিৱপাল সিঙে ৰায় ঘোষণাৰ কিছুদিন পিছতে ঝাৰখণ্ডৰ দপুতে বিজেপি নেত্ৰী নুতন তিৱাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। যিটোক লৈ প্ৰশ্ন উত্থাপন হৈছিল।