যান্ত্ৰিকতাৰ পৰা কিছু নিলগত এটা দিন কটাবলৈ আপোনাৰ মন নাযায় নে? তেন্তে আহক দ্বাৰাগাঁও লৈ । গুৱাহাটী মহানগৰীৰ পৰা প্ৰায় ১০০ কিলোমিটাৰ অতিক্ৰম কৰিলেই আপুনি পাব প্ৰকৃতিৰ মনোৰম সৃষ্টি দ্বাৰাগাঁও ।
ভাৰত ভূটান সীমান্তত অৱস্থিত এই ঠাইখন লৈ গ্ৰীষ্ম কালত নিতৌ আগমণ ঘটে হাজাৰ হাজাৰ পৰ্য্যটকৰ। সীমান্তৱৰ্তী অঞ্চল হোৱা হেতুকে বাট পথ কিছু দূৰ্গম যদিও ঠাই খনত উপস্থিত হোৱা মাত্ৰকে এছাটি শীতল বতাহ আৰু চৰাই চিৰিকটিৰ কোলাহলে আপোনাক সম্ভাষণ জনাব দ্বাৰাগাঁওৰ বুকুলৈ।
যেনিয়ে চাই তেনিয়ে কেৱল সেউজীয়া আৰু সেউজীয়া। প্ৰদূষণ আৰু যান্ত্ৰিকতাই যেন কাষ চাপিব পৰা নাই দ্বাৰাগাঁওৰ।
আনহাতে নীলা পাহাৰৰ মাজেৰে কুলু কুলু শব্দ কৰি বৈ অহা নদী খনৰ নিৰ্মল অপূৰ্ব সুন্দৰ পানীত জলকেলি কৰি আনন্দ লাভ কৰে পৰ্য্যটক সকলে। লাহে লাহে উন্নতি হবলৈ ধৰা এই পৰ্যটন স্থলী খন কিন্তু এতিয়াও চৰকাৰৰ তালিকাত স্থান লাভ কৰিবলৈ সক্ষম হোৱা নাই।
যদিহে ভাৰত আৰু ভূটান চৰকাৰৰ তৎপৰতত এই পৰ্যটন স্থলী খন সুন্দৰ ভাবে পৰিচালিত হয় তেন্তে বহু দেশী বিদেশী পৰ্যটকেৰে ভৰি পৰিব দ্বাৰাগাঁও।লগতে স্থানীয় লোক সকলে লাভ কৰিব জীৱন জীৱিকাৰ সুবিধা।
সামগ্ৰিক ভাৱে এই ঠাইখন নিৰ্মল অক্সিজেনৰ প্ৰধান উৎস। গতিকে আপুনিও আহক দ্বাৰাগাঁও লৈ আৰু এটা দিন পৰিয়ালৰ সৈতে উপভোগ কৰক ইয়াৰ সৌন্দৰ্য্য।য’ত নাই কোনো যান্ত্ৰিকতাৰ প্ৰভাৱ,নাই প্ৰদূষণ,আছে মাথো সেউজীয়া চাদৰে ঢাকি ৰখা প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্য।