ৰঙিয়া মহকুমা প্রশাসনৰ তৎপৰতা।
ৰঙিয়া নগৰৰ বৰ্ধিত যানযট নিয়ন্ত্ৰণৰ আপ্ৰাণ চেষ্টা অতিৰিক্ত উপায়ুক্ত তথা মহকুমাধিপতি দিপন বৰ্মনৰ।
নগৰখনৰ মাজমজিয়াৰে যোৱা নৰ্থট্ৰাঙ্ক ৰোডৰ পৰিবৰ্তে বিকল্প পথেৰে বাহনসমূহ চলাচল কৰোৱাৰ সিদ্ধান্ত।
ইতিমধ্যেই ৪নং ৱাৰ্ডৰ মাজেৰে এটি আহল-বহল পথ নিৰ্মাণ কৰি উলিয়াইছে ৰঙিয়া পৌৰসভাৰ সহযোগত।
মহকুমাধিপতি গৰাকীয়ে উক্ত নতুন পথচোৱাৰে বাহন সমূহ চলাচল কৰোৱাৰ ব্যৱস্থা গ্ৰহণ কৰে।
অনাগত দিনত ৰঙিয়া নগৰৰ যানযট নিয়ন্ত্ৰণৰ বাবে আৰু অধিক ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি জনাই অতিৰিক্ত উপায়ুক্ত তথা মহকুমাধিপতি দিপন বৰ্মনে।
নগৰখনৰ যানযট নিয়ন্ত্ৰণৰ বাবে লোৱা মহকুমা প্ৰশাসনৰ এই পদক্ষেপৰ সাধাৰণ ৰাইজেও প্ৰশংসা কৰিছে।