কোৱা হয় প্ৰেম অন্ধ ৷ প্ৰেমে নামানে বয়স ৷ শেহতীয়াকৈ সেয়া পুনৰ প্ৰমাণ কৰিলে এহাল ব্ৰিটিছ দম্পতীয়ে ৷ ৮২ বছৰ এজন বৃদ্ধ বিয়াত বহিল ৮১ বছৰীয়া কইনাৰ সৈতে ৷ ক্রিষ্টোফাৰ ষ্ট্ৰীট আৰু স্বামীহাৰা ৰোজা ষ্ট্ৰীট এখন কেফেত লগ হৈছিল৷ ১৮ মাহৰ আগতে তেওঁলোকে কফি খাই সিদ্ধান্ত লৈছিল যে একেলগে থাকিব বিচাৰে। বিয়াৰ পিছত তেওঁলোকে চেণ্ট মণিকা কোটা নামৰ অৱসৰকালীন গাঁওখনলৈ স্থানান্তৰিত হোৱাৰ সিদ্ধান্ত লয়।
এক সাক্ষাৎকাৰত প্ৰাক্তন নাৰ্ছ ৰোজা ষ্ট্ৰীটে কয়, “প্ৰথমবাৰৰ বাবে তেওঁক হালধীয়া মোজা পিন্ধি মোৰ ওচৰতে বহি থকা দেখিছিলো। ইয়াৰ পিছত তেওঁ মোৰ কাষতে অতি হাঁহিমুখীয়া মুখ এখন লৈ বহিল। আমি কথা পাতিবলৈ ধৰিলোঁ।“ লাহে লাহে তেওঁলোকে উপলব্ধি কৰে যে দুয়োৰে মাজত বহুতো সাদৃশ্য আছে, যিবোৰ সততে দেখা নাযায়। প্ৰিয় গীত, প্ৰিয় কবিতা, ইতিহাসৰ পৰা আৰম্ভ কৰি শিল্পৰ বিভিন্ন মাধ্যমৰ বিষয়ে আলোচনা চলি থাকিল তেওঁলোকৰ মাজত ।
কাকতলীয়াকৈ ক’বলৈ গ’লে ক্রিষ্টোফাৰ আৰু ৰোজাই আৱিষ্কাৰ কৰে যে তেওঁলোকৰ বৰ্তমানৰ ঠিকনাবোৰৰ মাজত মাত্ৰ ৪০ মাইল দূৰত্বত। ইয়াৰ পিছত দুয়োজনে ইটালীত অকলে কিছু সময় কটাবলৈ সিদ্ধান্ত ল’লে। তাত ভ্ৰমণ কৰি থাকোঁতে তেওঁলোকৰ মনলৈ আহিল বিয়াৰ পৰিকল্পনা। ক্রিষ্টোফাৰে সংবাদ মাধ্যমক কয় যে, “মই এটা আঁঠু লৈ প্রস্তাৱ দিয়াৰ পৰম্পৰাগত পদ্ধতিটো অনুসৰণ কৰা নাছিলো৷ কাৰণ আঁঠু লৈ ভৰিৰ ওপৰত থিয় হ’ব পাৰিম নেকি সেই বিষয়ে মোৰ যথেষ্ট সন্দেহ আছিল। “ এদিন এনেকৈয়ে বিবাহৰ প্ৰস্তাৱ দিলে ক্ৰিষ্টোফাৰে আৰু ৰোজায়ো সন্মতি জনালে ৷