ৰাজ্যৰ জনজাতীয় বেল্ট আৰু ব্লক সমূহ বে-দখল মুক্ত কৰিবৰ বাবে জনজাতীয় দল-সংগঠন সমূহে দীৰ্ঘদিনৰ পৰা চৰকাৰক দাবী উত্থাপন কৰি অহাৰ পৰিপ্ৰেক্ষিতত অৱশেষত ৰাজ্যৰ ভূমি সুৰক্ষাৰ স্বাৰ্থত চৰকাৰে গ্ৰহণ কৰিবলৈ আগবাঢ়িছে এক উল্লেখনীয় পদক্ষেপ।
ৰাজ্যত বৃদ্ধি কৰা হ’ব জনজাতীয় বেল্ট আৰু ব্লকৰ সংখ্যা।এক চৰকাৰী সূত্ৰে প্ৰকাশ কৰা মতে ইয়াৰবাবে ইতিমধ্যে চৰকাৰে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ কাম আৰম্ভ কৰিছে।
সেইমৰ্মে ৰাজ্যৰ প্ৰতিখন জিলালৈ জনজাতীয় বসতিপূৰ্ণ অঞ্চল সমূহ চিনাক্ত কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছে।বিশেষকৈ দীৰ্ঘদিনৰ পৰা ৰাজ্যৰ জনজাতীয় ব্লেট আৰু ব্লক সমূহ চৰকাৰে বে-দখল মুক্ত কৰিব পৰা নাছিল।বহু সময়ত চৰকাৰে বে-দখল মুক্ত কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰা দেখা যায় যদিও বে-দখল কাৰীৰ প্ৰতিবাদত উভটি আহিবলৈ বাধ্য হৈছিল।
এনে প্ৰতিবাদ মুখৰ পৰিস্থিতিৰ মাজতো চৰকাৰে এতিয়া এই নতুন ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছে।জিলা উপায়ুক্তলৈ পঠিওৱা নিৰ্দেশনাত কোৱা হৈছে যে যিবোৰ গাওঁ অথবা জনবসতিপূৰ্ণ অঞ্চলত ৫০% তকৈ অধিক লোক বাস কৰি আছে সেই এলেকা সমূহ সামৰি চৰকাৰে নতুন জনজাতীয় বেল্ট আৰু ব্লক গঠন কৰিব।
যিহেতু জনজাতীয় অঞ্চল সমূহ সংৰক্ষণ কৰাটো এক জৰুৰী বিষয়। গতিকে নিজ নিজ জিলাবোৰত থকা এনে প্ৰস্তাৱিত জনজাতীয় বেল্ট আৰু ব্লকৰ বিতং তথ্য সম্বলিত প্ৰতিবেদন দাখিল কৰিবলৈ উপায়ুক্তলৈ নিৰ্দেশ জাৰি কৰিছে ৰাজ্য চৰকাৰে। লগতে এই কথাও উল্লেখ কৰিছে যে প্ৰতিবেদনত সংশ্লিষ্ট ঠাইৰ নামৰ লগতে জনসংখ্যা,জাতি-জনগোষ্ঠী ভিত্তিত জনগাঁথনি,মানচিত্ৰ আদিৰ বিতং তথ্য প্ৰেৰণ কৰিব লাগিব।
ৰাজ্য চৰকাৰৰ এই পদক্ষেপৰ পিছতেই এই কথা এতিয়া স্পষ্ট হৈ পৰিছে যে ৰাজ্যৰ অধিক এলেকা সমূহ চৰকাৰে সংৰক্ষিত এলেকা হিচাপে চিহ্নিত কৰিবলৈ আগবাঢ়িছে।লগতে এই কথাও স্পষ্ট হৈ পৰিছে যে আগন্তুক সময়ত এই এলেকা সমূহত জনজাতীয় লোকৰ বাহিৰে বহিঃৰাজ্যৰ লোক বা আন কোনো লোকে মাটি ক্ৰয় কৰিব নোৱাৰিব।