আমি সকলোৱে সাধাৰণতে গোটেই সপ্তাহটো কাম কৰাৰ অন্তত এটা দিন জিৰণি লও৷ দেওবাৰৰ দিনটো আমাৰ বেছিভাগৰে অৱসৰৰ দিন৷ সেয়েহে এই দিনটোৰ বাবে কেৱল স্কুললৈ যোৱা শিশুৱেই নহয় এজন প্ৰাপ্তবয়স্ক ব্যক্তিয়েও আগ্ৰহেৰে অপেক্ষা কৰে।বিদ্যালয়, মহাবিদ্যালয়কে আদি কৰি অধিকাংশ কোম্পানী, কাৰ্যালয় আদিও বন্ধ হৈ থাকে এই দেওবাৰৰ দিনটোত ।
কিন্তু এটা আচৰিত কথা যে ভাৰতবৰ্ষত এনে এখন ঠাই আছে য’ত দেওবাৰে কেৱল মানুহকেই নহয় জীৱ-জন্তুকো জিৰণি দিয়া হয়। ঝাৰখণ্ডৰ লাতেহাৰ গাঁৱত আছে এনে এক পৰম্পৰা ৷
গৰু, ম’হ, ছাগলী,ঘোঁৰা আদি জন্তুবোৰে বিভিন্ন কামত মানুহক সহায় কৰাৰ লগতে উপাৰ্জনৰ ক্ষেত্ৰতো যথেষ্ট সহযোগিতা আগবঢ়ায়। কাৰন এই ঠাইখনৰ এই জীৱ-জন্তুবোৰেই বহু লোকৰ উপাৰ্জনৰ উৎস। সেইবাবেই ইয়াত এই জীৱ-জন্তুবোৰক দেওবাৰে কোনো কাম কৰিবলৈ দিয়া নহয় আৰু জিৰণি দিয়া হয় ।
অৱশ্যে ইয়াৰ আঁৰত আছে এক বিশেষ কাৰণ । দহ দশকৰ আগতে এইখন ঠাইত পথাৰত কাম কৰি থকা অৱস্থাত এটা ম’হৰ মৃত্যু হৈছিল আৰু ইয়াৰ পিছৰ পৰাই গাঁৱৰ মানুহে সপ্তাহত এবাৰ জীৱ-জন্তুবোৰক জিৰণি দিয়াৰ সিদ্ধান্ত লয়। তেতিয়াৰ পৰা আজিলৈকে এই পৰম্পৰা চলি আছে।
ঝাৰখণ্ডৰ লাতেহাৰ গাঁৱৰ পৰা এই পৰম্পৰা আৰম্ভ হোৱাৰ পিছৰ পৰাই এই গাওঁখনৰ কাষৰীয়া হৰখা, মুংগাৰ, লালগাড়ী আৰু পাকৰাৰ গাঁওবোৰতো একেই কাম কৰা হয়।