ঋতু পৰ্ণ শৰ্মা,নগাঁও,১৯আগষ্ট:–বীৰ লাচিত সেনা অসম নগাঁও জিলা সমিতিৰ উদ্যোগত আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ,কামপুৰ আঞ্চলিক সমিতি,কামপুৰ আঞ্চলিক যুৱক সমাজ আৰু সামাজিক অনুষ্ঠান আছ-পাছৰ সহযোগত কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ সভাগৃহত শনিবাৰে এখনি ড্ৰাগছ বিৰোধী সভা অনুষ্ঠিত হয়।
কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষ জয়ন্ত গোস্বামীৰ সভাপতিত্বত অনুষ্ঠিত সভাত কামপুৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া অনন্যা লহকৰ,ডা: আকাশী হাজৰিকা,কৃষক নেতা ৰাজু বৰা,সমাজকৰ্মী যতীন বৰা,জ্যেষ্ঠ সাংবাদিক ৰাজু শইকীয়া, ডা: ৰিয়াজউদ্দিন আহমেদ,বীৰ লাচিত সেনাৰ নগাঁও জিলাৰ সচিব পংকজ ভূঞা,সহ সচিব ত্ৰৈলোক্য শইকীয়া,লক্ষী শইকীয়াকে ধৰি কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
উপস্থিত বিশিষ্ট অতিথিসকলে এখন ড্ৰাগছ মুক্ত অসম গঢ়াৰ ক্ষেত্ৰত সকলোৰে পৰা সহযোগিতা বিচৰাৰ লগতে ছাত্ৰ-ছাত্ৰী সকলক সজাগ কৰি তুলিবলৈ গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়াই । বীৰ লাচিত সেনাৰ নেতা প্ৰকাশ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থকাৰ উপৰিও সচেতন নাগৰিকে অংশ গ্ৰহণ কৰে। লাচিত সেনাৰ নেতাগৰাকীয়ে ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত থকা পেডলাৰ সকলক শীঘ্ৰে ড্ৰাগছ ব্যৱসায় বন্ধ কৰিবলৈ সকীয়াই দিয়ে ।