দৈনদ্দিন জীৱনৰ এক প্ৰয়োজনীয় সামগ্ৰী হৈছে হাতত থকা মোবাইল ফোনটো। মোবাইলৰ জৰিয়তে বছিভাগ সময় ইন্টাৰনেট , ছ’চিয়েল মিডিয়া , অ টি টি ৰ কোনো চিনেমা আদিত ব্যস্ত থকা হয়। ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি বিচনাত পৰালৈকে মোবাইলটোৱেই যেন মানুহৰ একমাত্ৰ সাৰথি।
বহুতো সময়ত দেখা যায় যে ৰাতি শুবৰ সময়ত বহুতো লোকে ইন্টাৰনেট অথবা ৱাই-ফাই সংযোগ বন্ধ কৰিবলৈ পাহৰে বা বন্ধ কৰাতো সিমান দৰকাৰী বুলিও নাভাবে। কিন্তু গৱেষণাৰ মতে যিসকলে এই ক্ষেত্ৰত অন্যমনস্ক হৈ থাকে বা গুৰুত্ব নিদিয়ে তেনে লোকৰ নানা ধৰণৰ সমস্যাই দেখা দিব পাৰে।
- বিশেষজ্ঞ সকলৰ মতে ৱাই-ফাই বা নেট অন ৰাখিলে টোপনিত ব্যাঘাত জন্মিব পাৰে।
- গৰ্ভৱতী মহিলাৰ বাবে ৰাতি মোবাইলৰ ইন্টাৰনেট অন কৰি শুৱা অতি বিপদজনক। কাৰণ ই গৰ্ভস্থ ভ্ৰুণৰ বিকাশত বিৰূপ প্ৰভাৱ পেলাব পাৰে। আনহাতে শিশুৰ মস্তিস্ক বিকাশতো বাধা আহিব পাৰে।
- গৱেষকৰ মতে মোবাইলৰ ইন্টাৰনেট অন কৰি শুলে কেঞ্চাৰৰ সমস্যাই দেখা দিব পাৰে।
- গৱেষনাৰ মতে ৰাতি মূৰৰ কাষত ৱাই-ফাই অথবা ইন্টাৰনেট অন থকা মোবাইল ৰাখি শুলে মস্তিস্কৰ কাৰ্যক্ষমতে হ্ৰাস পায়।
এনেবোৰ বিপদৰ পৰা হাত সাৰি থকিবৰ বাবে শুৱাৰ আগতে সদায় মোবাইল ফোনৰ ইন্টাৰনেট সংযোগ বা ৱাই- ফাই বন্ধ কৰিব লাগে।আনহাতে শুৱনি কোঠা বা ৰান্ধনিঘৰত কেতিয়াও ৱাই-ফাইৰ ৰ’টাৰ ৰ সংযোগ স্থাপন কৰিব নালাগে। পৰাপক্ষত ৰাতি মোবাইল ফন বন্ধ কৰি শুৱাটো স্বাস্থ্যৰ বাবে উপযোগী।