দিচপুৰ – দিছপুৰ – দিশপুৰ গুৱাহাটী মহানগৰৰ প্ৰাণকেন্দ্ৰ আৰু অসমৰ ৰাজধানী ।পুৰণি কথাৰ পম খেদি গ’লে দেখা যায় বেলতলা মৌজাৰ অন্তৰ্গত এখন বিখ্যাত ৰাজহ গাঁও। দিচপুৰ গাঁও খনৰ পূৱে বশিষ্ঠ , বাহিনী নৈ আৰু হাতীগাঁও। পশ্চিমে খ্ৰীষ্টানবস্তি , গীৰ্জা , গুৱাহাটী মেডিকেল কলেজ । দক্ষিণে নৰকাসুৰ পাহাৰ , জটিয়া , ডি .পি . আই কাৰ্যালয় আৰু উত্তৰে ভৰলু নদী।
এই ভূখণ্ডত অতীজৰে পৰা বড়ো জনগোষ্ঠীয়ে বাস কৰি আহিছিল বাবে ‘দিচপুৰ’ নামৰ উৎপত্তি বড়ো ভাষাৰ পৰা অহা বুলি বহুতেই ক’ব বিচাৰে। ‘দি’ বা ‘দৈ’ মানে পানী , ‘চা’ মানে জান বা জুৰি আৰু ‘পুৰ’ মানে গাঁও বা নগৰ। নৈ -জান-জুৰিৰে পৰিপূৰ্ণ ঠাইখন প্ৰথমে দিচাপুৰ বা দৈচাপুৰ বুলি মুখে মুখে চলি অহাৰ পিছত দিচপুৰ নামেৰে জনাজাত হ’ল। পূৱ দিশৰ বশিষ্ঠৰ সন্ধ্যা , ললিতা ,কান্তা তিনি ধাৰাই বাহিনী নৈ হৈ বোৱাৰ লগতে উত্তৰ দিশৰ ভৰলু নদীয়ে অঞ্চলটি সাৰুৱা আৰু জীপাল কৰি ৰাখিছিল।
আন এক মতবাদ অনুসৰি , ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা সাধু-সন্তই পূণ্যতীৰ্থ বশিষ্ঠ দৰ্শণ কৰাৰ পিছত ব্ৰহ্মপুত্ৰত স্নান কৰি কামাখ্যা মন্দিৰ দৰ্শণ কৰিছিল। এই সাধু-সন্ত সকলে বৰ্তমানৰ গণেশগুৰিৰ চাৰিআলিত ৰৈ দিশ নিৰ্ণয় কৰি বশিষ্ঠাশ্ৰমলৈ আগবাঢ়ি গৈছিল বাবে ঠাইখনৰ নাম ‘দিচপুৰ’ হৈছিল বুলিও বহুতে ক’ব খোজে।
বেলতলা মৌজাৰ সমগ্ৰ গাঁওৰে গঠিত বিখ্যাত বজাৰখন আছিল দেওবাৰে বহা বেলতলা হাট বা বজাৰ। ছিলং ৰাজধানীৰ পৰা নামিয়েই ভৈয়ামত থকা প্ৰথমখন বজাৰ আছিল বেলতলা বজাৰ। এই বজাৰ খনেই সেই সময়ৰ ৰাইজৰ সুখ-দুখৰ বতৰা আৰু সংবাদ বিনিময়ৰ মাধ্যম হোৱাৰ উপৰিও বিভিন্ন জাতি- -জনজাতিৰ ভাতৃত্ববোধৰ সংগম স্থলী আছিল। আজিৰ দিনতো বেলতলা বজাৰ বুলি ক’লে এটা সুকীয়া মাদকতা আছে।
গুৱাহাটীৰ বিভিন্ন প্ৰান্তত পাহাৰ – নৈ -নিজৰাৰ কাষত দেৱ-দেৱীৰ শিলামূৰ্তি থকাৰ দৰে বেলতলা-দিশপুৰ এলেকাৰ গণেশগুৰিৰ গণেশ মন্দিৰ , নৰকাসুৰৰ গণেশ শিলা আদি অতি প্ৰখ্যাত। কামৰূপ বুৰঞ্জীত উল্লেখ আছে যে , ” বেলতলা মৌজাখনিৰ চাৰিও দুৱাৰে গণেশ আছে। গণেশগুৰিয়ে পৰিচয় একোটি নিজৰা অৰ্থাৎ নদী। সি সকলো তীৰ্থ।”
স্বৰ্গীয় গোপাল বড়ো গাঁওবুঢ়াৰ যত্নত ১৯৩৫ চনত স্কুল স্থাপন হ’ল , এইখনেই ঐতিহাসিক দিচপুৰৰ প্ৰথম শিক্ষানুস্থান ‘দিশপুৰ চৰকাৰী নিম্ন বুনিয়াদী বিদ্যালয়। এই বিদ্যালয় খনেই কালক্ৰমত ‘ গোপাল বড়ো হাইস্কুল ‘ নামেৰে নামাকৰণ হ’ল।
দিচপুৰৰ একমাত্ৰ ৰাজহুৱা দুৰ্গাপূজা খন ১৯৪২ চনত প্ৰথমবাৰলৈ অনুষ্ঠিত হয় আৰু বৰ্তমান সেইখনেই হ’ল দিশপুৰ বাৰোৱাৰী পূজা মন্দিৰ।
১৯৭২ চনত মুখ্যমন্ত্ৰী শৰৎ চন্দ্ৰ সিংহৰ দিনত দিচপুৰতেই অসমৰ অস্থায়ী ৰাজধানী শুভাৰম্ভ কৰা হৈছিল যদিও পিছত চৰকাৰে জমিদাৰৰ মাটি অধিগ্ৰহণ কৰি ৰাজধানীৰ স্থান নিৰ্ণয় কৰিলে। সৰুমটৰীয়াৰ পথাৰ এলেকাত ব্যৱসায়িক কামৰ বাবে গুদামঘৰ এটা সজালে আৰু ৰাজধানী ভৈয়ামলৈ নামি অহাত সেইটোতে অসম বিধান সভাৰ কাম-কাজ চলাবলৈ আৰম্ভ কৰিলে। অসম আৰ্হিৰ ‘জনতা ভৱন’ নাম দিয়া ডাঙৰ ঘৰটোৱে অসমৰ ৰাজধানী দিশপুৰৰ প্ৰথম ঘৰ বুলিব পাৰি।
গণেশগুৰিৰ ‘সাতবিহু’ দিচপুৰৰ এক ঐতিহাসিক পৰম্পৰা। বৃহত্তৰ বেলতলা বাসী ৰাইজৰ এক ঐতিহাসিক সংস্কৃতিৰ থলী আছিল দিচপুৰৰ গণেশগুৰিৰ সাত বিহুতলী। আজিৰ দিনতো স্থায়ী মঞ্চ প্ৰাংগণ গণেশ উদ্যানত সাতবিহুতলীৰ সাতামপুৰুষীয়া পৰম্পৰা পালন কৰা প্ৰথা চলি আহিছে।
বৰ্তমান দিচপুৰ -গণেশগুৰি অঞ্চল অসমৰ প্ৰাণকেন্দ্ৰ হোৱাৰ সময়তো পুৰণি পৰিয়াল সমূহে নিজৰ কৃষ্টি-সংস্কৃতি জীয়াই ৰাখিছে। পূৰ্ব পৰম্পৰা অনুসৰি কৰা পূজা-পাতলৰ স্থান সমূহ লুপ্তপ্ৰায় হ’ল বা নতুন ঠাইত প্ৰতিস্থিত হ’ল যদিও বিভিন্ন উৎসৱ আৰু পূজা-পাতল দিচপুৰ গাঁওৰ বড়ো সমাজে আজিৰ দিনতো জীয়াই ৰাখিছে।