ৰাছিয়াৰ মহাকাশযান লুনা-২৫ চন্দ্ৰপৃষ্ঠত দুৰ্ঘটনাগ্ৰস্ত হৈছে। প্ৰায় পাঁচ দশকৰ পাছত ৰাছিয়াই চন্দ্ৰ অভিযান আৰম্ভ কৰাৰ চেষ্টা ব্যৰ্থ হৈছে। ৰাছিয়াৰ মহাকাশ গৱেষণা সংস্থা ৰস্কোচমছে দেওবাৰে প্ৰকাশ কৰা অনুসৰি লুনা-২৫ চন্দ্ৰপৃষ্ঠত দুৰ্ঘটনাগ্ৰস্ত হৈ ভাঙি পৰিছে ৷ তেওঁলোকে এই অভিযান কিয় বিফল হ’ল সেই কথাও অৱগত কৰিছে ৷
লুণা-২৫ ভাঙি পৰিব পাৰে বুলি আগতেই ভৱিষ্যদ্বাণী কৰা হৈছিল। শনিবাৰে ৰাছিয়াৰ সংস্থাটোৱে মহাকাশযানখনত ‘যান্ত্ৰিক বিজুতি’ৰ খবৰ প্ৰকাশ কৰিছে। যোৱা ১১ আগষ্টত ৰাছিয়াৰ লুনা-২৫ উৎক্ষেপণ কৰা হৈছিল। কোৱা হৈছিল যে মহাকাশযানখনে চন্দ্ৰ পাবলৈ ১০ দিন লাগিব। ২১ আগষ্টত চন্দ্ৰত অৱতৰণ কৰাৰ কথা আছিল লুণা-২৫ ৷ লুনা-২৫ চন্দ্ৰৰ একেবাৰে কাষত উপনীত হৈছিল। আৰম্ভণিৰে পৰা ৰাছিয়াৰ মহাকাশযানখন ধুমুহাৰ গতিৰে যাত্ৰা কৰিছিল ৷ চন্দ্ৰত অৱতৰণৰ অভিযান সফল হ’লহেঁতেন যদিহে মাত্ৰ এটা পদক্ষেপ তেওঁলোকে ল’লেহেতেন ৷
ৰস্কোচমছৰ পৰিকল্পনা অনুসৰি শনিবাৰে চন্দ্ৰত অৱতৰণ কৰাৰ পূৰ্বে লুনা-২৫-এ চূড়ান্ত কক্ষপথত উপনীত হোৱাৰ কথা আছিল। কিন্তু সেই কক্ষপথ পৰিৱৰ্তন প্ৰক্ৰিয়াৰ সময়ত লেণ্ডাৰখনে ‘জৰুৰীকালীন পৰিস্থিতি’ৰ সন্মুখীন হ’বলগীয়া হৈছিল। এই জৰুৰীকালীন অৱস্থাৰ বাবে নিৰ্দিষ্ট জোখ-মাখ আৰু পৰিকল্পনা অনুসৰি তেওঁক চূড়ান্ত কক্ষপথলৈ আনিব পৰা নগ’ল। ৰস্কোচমছে কেৱল এই কথাহে প্ৰকাশ কৰিছে । ফলত মূল সমস্যাটো স্পষ্ট নহয়।
বহু জল্পনা-কল্পনাৰ অন্তত দেওবাৰে ৰাছিয়াৰ সংস্থাটোৱে স্পষ্ট কৰি দিলে যে তেওঁলোকৰ লুনা-২৫ বিমানখন চন্দ্ৰৰ পৃষ্ঠত দুৰ্ঘটনাগ্ৰস্ত হৈছে। চন্দ্ৰত খুন্দা মাৰি ধ্বংস হয় লেণ্ডাৰখন। ৰস্কচমছৰ মতে, বিজ্ঞানীসকলে লেণ্ডাৰখন যি কক্ষপথত স্থাপন কৰিব বিচাৰিছিল, সেই কক্ষপথৰ জোখ-মাখত কিছু বিচ্যুতি ঘটিছিল। ফলত লেণ্ডাৰখন নিৰ্ধাৰিত কক্ষপথতকৈ অলপ আগুৱাই যায়।
চন্দ্ৰত অৱতৰণ কৰাৰ সময়ত মহাকাশযানখনৰ কক্ষপথ এটা এটাকৈ সলনি হয়। একে সময়তে মহাকাশযানৰ গতি নিয়ন্ত্ৰণ কৰা হয় ৷ অনুমান কৰা হৈছে যে লুনা-২৫ৰ গতিবেগ নিয়ন্ত্ৰণ কৰিব পৰা নগ’ল ৷ অর্থাৎ ৰাছিয়াৰ মহাকাশযানখনে তীব্ৰ গতিৰ বাবে পোনপটীয়াকৈ চন্দ্ৰত খুন্দা মাৰিছিল। ৰস্কচমছৰ বিজ্ঞানীসকলে কিছু সময়ৰ পাছত আৰু লুনা-২৫ নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে।
ৰস্কোচমছে জনোৱা মতে, শনিবাৰে মস্কোৰ সময় অনুসৰি ২:৫৭ বজাত বিজ্ঞানীসকলে লুনা-২৫ৰ সৈতে যোগাযোগ হেৰুৱাই পেলায়। দেওবাৰলৈকে যোগাযোগ পুনৰ ঘূৰাই অনাৰ চেষ্টা কৰা হৈছিল। কিন্তু সফল নহ’ল। যোগাযোগ কিয় হেৰাই গ’ল ? প্ৰথমে ইয়াৰ তদন্ত কৰিছিল ৰস্কোচমছে। তাত দেখা গ’ল যে লেণ্ডাৰখনে নিৰ্ধাৰিত কক্ষপথতকৈও আগুৱাই গৈছিল। ইয়াৰ পিছত ই চন্দ্ৰত দুৰ্ঘটনাগ্ৰস্ত হয়। ৰস্কচমছে গঠন কৰিছে এখন বিশেষ আভ্যন্তৰীণ তদন্ত সমিতি। তেওঁলোকে ঘটনাৰ কাৰণ অধিক বিশদভাৱে বিশ্লেষণ কৰিব।
আনহাতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ চন্দ্ৰযান-৩ লেণ্ডাৰ বিক্ৰমে লাহে লাহে চন্দ্ৰৰ ফালে আগবাঢ়িছে। ৰাছিয়াৰ দৰে ইয়াৰ গন্তব্যস্থান হৈছে চন্দ্ৰৰ দক্ষিণ মেৰু।আনহাতে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৰ চন্দ্ৰযান-৩ লেণ্ডাৰ বিক্ৰমে লাহে লাহে চন্দ্ৰৰ ফালে আগবাঢ়িছে। ৰাছিয়াৰ দৰে ইয়াৰ গন্তব্যস্থান হৈছে চন্দ্ৰৰ দক্ষিণ মেৰু।
চন্দ্ৰৰ দক্ষিণ মেৰু এতিয়াও অন্বেষণ হোৱা নাই। ৰাছিয়াই তাত প্ৰথমে ভৰি দিব বুলি আশা কৰা হৈছিল। কাৰণ ভাৰতৰ আগতে চন্দ্ৰত অৱতৰণ কৰাৰ কথা আছিল লুণা -২৫ । ৰাছিয়াৰ অভিযান বিফল হোৱাৰ লগে লগে এতিয়া ভাৰতৰ সন্মুখত সম্ভাৱনাৰ দিগন্ত মুকলি হৈছে।
ভাৰতৰ অভিযান সফল হ’লে ইতিহাসৰ দুটা নতুন অধ্যায় ৰচনা হ’ব৷ আমেৰিকা, ৰাছিয়া আৰু চীনৰ পিছত চন্দ্ৰত মহাকাশযান সফলতাৰে অৱতৰণ কৰা চতুৰ্থখন দেশ হিচাপে পৰিগণিত হ’ব ভাৰত। তদুপৰি চন্দ্ৰৰ দক্ষিণ মেৰুত প্ৰথমে ভৰি দিব ভাৰত। অৰ্থাৎ পৃথিৱীৰ প্ৰাকৃতিক উপগ্ৰহৰ এই অংশ আৱিষ্কাৰৰ কৃতিত্ব ইছৰোক দিয়া হ’ব। চন্দ্ৰৰ দক্ষিণ মেৰুত কেতিয়াও আন কোনো দেশৰ মহাকাশযান অৱতৰণ কৰা নাই।
চন্দ্ৰৰ দক্ষিণ মেৰুটো দুৰ্গম। এই অংশত সূৰ্যৰ পোহৰ নপৰে। চিৰন্তন আন্ধাৰত ডুব যোৱা অংশটো সম্পূৰ্ণৰূপে বৰফেৰে আবৃত। গভীৰ খাদ, ঠেক পাহাৰ আৰু টিলাবোৰে চন্দ্ৰৰ দক্ষিণ মেৰুক প্ৰত্যাহ্বানযুক্ত কৰি তোলে। বিজ্ঞানীসকলৰ মতে এই অংশত জীৱৰ অস্তিত্বৰ বাবে উপযোগী সম্পদ থাকিব পাৰে। ভাৰত আৰু ৰাছিয়াৰ চন্দ্ৰ অভিযানৰ মাজত বহু পাৰ্থক্য আছে। উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি ৰাছিয়াই চন্দ্ৰলৈ লুনা-২৫ প্ৰেৰণ কৰিছিল আৰু ইয়াৰ খৰচো অধিক হৈছিল। তুলনামূলকভাৱে সস্তাতে ইছৰোৱে এই অভিযানৰ পৰিকল্পনা কৰিছে ৷
চন্দ্ৰযান-৩ৰ লেণ্ডাৰ বিক্ৰমৰ ওজন ১৭৫২ কিলোগ্ৰাম। তাত ৰাছিয়াৰ লেণ্ডাৰখনৰ ওজন আছিল মাত্ৰ ৮০০ কিলোগ্ৰাম। চন্দ্ৰযান-৩ চন্দ্ৰৰ দক্ষিণ মেৰুলৈ নামি ১৪ দিনৰ বাবে বিভিন্ন তথ্য সংগ্ৰহ কৰিব। ৰাছিয়াৰ এই লেণ্ডাৰখন চন্দ্ৰত এবছৰ থকাৰ পৰিকল্পনা কৰা হৈছিল। লুনা-২৫ৰ ভৰ আছিল ১.৮ টন। ৩১ কেজি ওজনৰ বৈজ্ঞানিক সামগ্ৰী কঢ়িয়াই লৈ ফুৰিছিল লেণ্ডাৰখন। ই চন্দ্ৰৰ মাটিৰ কমেও ৬ ইঞ্চি গভীৰতাৰ পৰা শিলৰ সামগ্ৰী সংগ্ৰহ কৰাৰ কথা আছিল। কিন্তু সকলো পৰিকল্পনা ব্যর্থ হৈ পৰিল।