বিগত কেইমাহমান ধৰি অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ নেওটান গাঁৱৰ এজন কৃষকে মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু কিছুসংখ্যক স্নাতক ডিগ্ৰীধাৰীৰ বাবে সন্ধিয়া এটা বিশেষ শ্ৰেণী অনুষ্ঠিত কৰি আহিছে।
ৱাংলুং মোচাং নামৰ এই কৃষক শিক্ষকজন আৰু তেওঁৰ সানমিহলি গোটটোৱে এক অভিযান হাতত লৈছে। এটা উমৈহতীয়া টাংচা হস্তলিপি শিকা আৰু বিকশিত কৰাই হৈছে এই অভিযানৰ উদ্দেশ্য। আৰু তাৰ বাবে তেওঁলোকে অন্যান্য কামৰ লগতে জীৱনৰ বহুমূলীয়া সময় দান কৰিছে।
অৰুণাচল প্ৰদেশৰ টাংচা জনজাতি হৈছে ৰাজ্যখনৰ চাংলাং জিলাৰ সৰ্ববৃহৎ গোট আৰু ইয়াৰ ৪০ টাতকৈও অধিক উপ-জনজাতি আছে। এই প্ৰতিটোৰে নিজা উপভাষা আছে। কিন্তু টাংচা ভাষাক বৰ্তমান ‘বিপদাপন্ন’ হিচাপে চিহ্নিত কৰা হৈছে।
টাংচা জনজাতিৰ বাবে এটা উমৈহতীয়া লিপি প্ৰথমতে ১৯৯০ চনত লখুম মোচাং নামৰ এজন স্থানীয় লোকে বিকশিত কৰিছিল। ২০২০ চনত লাখুমৰ মৃত্যুৰ পিছত, ৱাংলুঙে তেওঁৰ কাম আগুৱাই নিয়াৰ সিদ্ধান্ত লয়।
ৱাংলুঙৰ বক্তব্য অনুসৰি আৰম্ভণিতে হস্তলিপিখন কেৱল মোচাং উপ-জনজাতিৰ বাবে আছিল। অৱশ্যে, ২০১৯ চনৰ নৱেম্বৰত টাংছাৰ সকলো উপ-জনজাতিয়ে অংশগ্ৰহণ কৰা এক ঐতিহাসিক সভাত এইখন সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছিল আৰু সাধাৰণ টাংচা লিপি হিচাপে ঘোষণা কৰা হৈছিল।
নতুন টাংচা লিপিত ৪৮ টা স্বৰবৰ্ণ আৰু ৩১ টা ব্যঞ্জনবৰ্ণ আছে, আৰু ইয়াক ইউনিকোডত অন্তৰ্ভুক্তিৰ বাবেও অনুমোদন জনোৱা হৈছে। যুৱসকলক এই নতুন লিপি শিকাত সহায় কৰিবলৈ ৰাজ্যখনত এটা মোবাইল এপও বিকশিত কৰা হৈছে।
তথ্য অনুসৰি ১৪ দিনৰ ভিতৰত বিশ্বত এটা ভাষাৰ মৃত্যু হয়। এই গতিত অহা কিছু বছৰৰ ভিতৰত আমি পৃথিৱীৰ প্ৰায় ৭০০০ ভাষা হেৰুৱাম। তেনে এক প্ৰেক্ষাপটত এজন কৃষকৰ এই প্ৰচেষ্টাৰ লগতে আগ্ৰহীসকলৰ উৎসাহ নিশ্চিতভাৱেই প্ৰশংসনীয়।