আজি বিয়লি ৪ বজাত হেঙেৰাবাৰী স্থিত জিলা কাৰ্যালয়ত, ভাৰতীয় জনতা পাৰ্টী, গুৱাহাটী মহানগৰ জিলাৰ সভাপতি শ্ৰী তপন চন্দ্ৰ দাস ডাঙৰীয়াৰ আহ্বাহন মৰ্মে ,এখনি সাংগঠনিক সভা অনুষ্ঠিত হৈ যায়।
ভাৰতীয় জনতা পাৰ্টী, ৰাজ্যিক অসম প্ৰদেশৰ নৱ-নিযুক্ত সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰদ্ধাৰ জি আৰ ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া উপস্থিত থাকে।
জিলা সভাপতি শ্ৰী তপন চন্দ্ৰ দাস ডাঙৰীয়াই জিলাৰ বিষয়ববীয়া আৰু কাৰ্যকৰ্তা সকলৰ লগত পৰিচয় কৰাই দিয়াৰ লগতে কাৰ্যালয়ত থকা প্ৰতিটো মৰ্চা, কোষ আৰু সভাপতি, সম্পাদক, সাধাৰণ -সম্পাদকৰ কক্ষ পৰিদৰ্শন কৰায় ।
পৰিচয় বৰ্গ সভাত প্ৰতিটো মণ্ডলৰ সভাপতি আৰু মণ্ডলৰ কাৰ্যকৰ্তা , বুথৰ সভাপতি আৰু বুথ পৰ্য্যায়ৰ কাৰ্যকৰ্তা সকলৰ উপস্থিত থাকে।
শ্ৰদ্ধাৰ জি আৰ ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়াই নিজৰ ভাষণ প্ৰসংগত, মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কথা উল্লেখ কৰি কয় যে…….. ভাৰতীয় জনতা পাৰ্টী, নীতি আৰু আদৰ্শৰে পৰিচালিত এটা সংগঠন। সম্পৰ্ক মজবুত হ’লে হে , সংগঠন মজবুত হ’ব। সেয়েহে আমি জন-সম্পৰ্ক আৰু শক্তিশালী কৰাৰ প্ৰয়োজন আছে। দলীয় কাৰ্য্যকৰ্তাক উদ্দেশ্যি কয়, আমি আমাৰ সমাজৰ সকলো স্তৰৰ জনগনৰ লগত সম্পৰ্ক আৰু শক্তিশালী কৰি গঢ়ি তুলিব লাগিব ।