“সুৰক্ষিত শৈশৱ, সোণালী অসম” শীর্ষক অভিযানৰ অধীনত শিশুৰ অধিকাৰ সুৰক্ষিত কৰা বিষয়ক লৈ আজি কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ কার্যালয় প্ৰেক্ষাগৃহত এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয় ৷ কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ কার্যালয়ে কামৰূপ মহানগৰ জিলাৰ শিশু সুৰক্ষা গোট আৰু উৎসাহ শিশু অধিকাৰ সুৰক্ষা সংস্থাৰ সহযোগত তথা ৰাজ্যিক শিশু সুৰক্ষা সমিতিৰ সমর্থনত এই উচ্চস্তৰীয় বৈঠকখন অনুষ্ঠিত কৰে ৷
কামৰূপ মহানগৰ জিলাৰ আয়ুক্তৰ ভাষণেৰে আৰম্ভ হোৱা এই অনুষ্ঠানটোত কেইবাটাও গুৰুত্বপূর্ণ বিষয়ত আলোচনা কৰা হয় ৷ পকচ’ৰ ৪ আৰু ৬ ধাৰাৰ অধীনত ৰুজু হোৱা গোচৰৰ সময়মতে অভিযোগনামা দাখিল, গোচৰৰ অগ্ৰগতি সন্দর্ভত আৰক্ষীয়ে শিশু – অভিভাৱকক অৱগত কৰা, বিশেষ সাহায্যৰ বাবে সময়মতে অনুদান আগবঢ়োৱা, পকচ’ গোচৰসমূহৰ বিষয়ে আৰক্ষীয়ে চিডব্লিউচিক অৱগত কৰা , সময়মতে অর্ন্তৱতীকালীন ক্ষতিপুৰণ প্ৰদান কৰা ,২৪ ঘণ্টাৰ ভিতৰত এএমচি প্ৰতিবেদন দাখিল কৰা, ঘৰুৱা শিশু শ্ৰমিকৰ প্ৰতি দায়বদ্ধতা, শিশু আৰু কিশোৰ শ্ৰমিকৰ পুনৰ সংস্থাপনৰ বাবে আর্থিক সাহায্য প্ৰদান কৰা, পথৰ শিশুৰ সন্ধান আৰু পুনৰ সংস্থাপন, জেজেবিত শিশু অনুকুল প্ৰক্ৰিয়া, ধর্ষণত অভিযুক্তক সমর্থন আৰু সাহায্য আদি বিষয়সমূহ আজিৰ বৈঠকত আলোচনা কৰা হয় ৷
আজিৰ বৈঠকত কামৰূপ মহানগৰ জিলাৰ পকচ’ বিশেষ ন্যায়াধীশ, ৰাজ্যিক শিশু সুৰক্ষা সমাজৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ৷ উল্লেখ্য যে পকচ’ আিন আৰু জেজে মডেল বিধি অনুসৰি ভুক্তভোগীসকলে কেতবোৰ সুবিধা লাভ কৰা উচিত ৷ যেনে পকচ’ মডেল নিয়মাৱলী অনুসৰি কোনো গোচৰৰ বিচাৰপ্ৰক্ৰিয়াৰ সময়ত শিশু আৰু তেওলোকৰ পৰিয়ালৰ বাবে বিশেষ জিৰণি কোঠাৰ সুবিধা থাকিব লাগে ৷ যাতে ভুক্তভোগী শিশু আৰু পৰিয়ালৰ গোপনীয়তা ৰক্ষা হয় ৷ তদুপৰি আদালত চৌহদত শিশুৰ সাক্ষ্য গ্ৰহণৰ বাবে সুকীয়া কোঠা থাকিব লাগে ৷ শিশুৰ বাবে থাকিব লাগে শিশু অনুকুল চৌহদ ৷ যাতে সেয়া আদালতৰ দৰে দেখা নাযায় ৷ সমান্তৰালভাৱে ভুক্তভোগী শিশুসকলক সাহায্য আৰু ক্ষতিপুৰণ প্ৰদানৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন আঁচনি আছে ৷ যিসমূহ সফলভাৱে ৰূপায়নৰ বাবে সময়ে সময়ে সংশ্লিষ্ট কতৃপক্ষই বৈঠক অনুষ্ঠিত কৰিব লাগে ৷ এই বিষয়সমূহকে লৈ আজিৰ বৈঠকত পর্যালোচনা কৰা হয় ৷