হাৰিয়ানাৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজু পাঞ্জাবীৰ মঙলবাৰে হিছাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪০ বছৰ।হাৰিয়ানাৰ কেইবাটাও সংবাদ মাধ্যমে প্ৰকাশ কৰা অনুসৰি ৰাজুক প্ৰায় ১০ দিন পূৰ্বে অজ্ঞাত অসুস্থতাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত ভেণ্টিলেটৰৰ সহায়ৰ প্ৰয়োজন হৈছিল। কণ্ঠশিল্পীগৰাকী সামান্য সুস্থ হোৱাৰ বাবে ঘৰলৈ পঠিওৱা হয় যদিও স্বাস্থ্যৰ অৱনতি ঘটিবলৈ আৰম্ভ কৰাৰ পিছত পুনৰ ততাতৈয়াকৈ চিকিৎসালয়ত ভর্ত্তি কৰা হয়।
দেশী দেশী, আচা লাগে ছে, টু ছিজ লাজাৱাব আদি হিট গীতৰ বাবে ৰাজু পাঞ্জাবী পৰিচিত আছিল। তেওঁৰ শেষৰটো গীত ‘আপছে মিলকে ইয়াৰা হুমকো আচ্চা লগা থা’ যোৱা ১২ আগষ্টত মুক্তি পাইছিল। ৰাজু পাঞ্জাবী পঞ্জাৱ আৰু ৰাজস্থানতো জনপ্ৰিয় আছিল আৰু পূর্বে স্বপ্না চৌধুৰীৰ দৰে আন কণ্ঠশিল্পীৰ সৈতে সহযোগিতা কৰিছিল।
হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰে ছ’চিয়েল মিডিয়া ৱেবছাইট এক্স (পূৰ্বতে টুইটাৰ নামেৰে পৰিচিত)ত কণ্ঠশিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনায়। তেওঁ কয় যে ৰাজু পাঞ্জাবীৰ মৃত্যু হাৰিয়ানাৰ সংগীত জগতৰ বাবে এক ‘অপুৰণীয় ক্ষতি’।
খবৰ অনুসৰি গায়কজনৰ মৃতদেহ তেওঁৰ জন্ম গাঁও ৰাৱাটছাৰ খেদালৈ লৈ যোৱা হ’ব, য’ত ধর্মীয় ৰীতি নীতিৰে শেষকৃত্য কৰা হ’ব। বৰ্তমান তেওঁ হিছাৰৰ আজাদনগৰত বাস কৰিছিল। তেওঁৰ মৃত্যুৰ ঘোষণাৰ পিছতে তেওঁৰ পৰিয়ালৰ সদস্য আৰু সমৰ্থকসকলে হিছাৰত উপস্থিত হ’বলৈ আৰম্ভ কৰে আৰু শেষশ্ৰদ্ধা জ্ঞাপন কৰে ।