দক্ষিণ আফ্ৰিকাৰ জোহান্সবাৰ্গৰ পৰা ভাৰ্চুৱেল মিডিয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰত্যক্ষ কৰিব চন্দ্ৰযান অৱতৰণৰ মুহুর্ত ৷ নতুন দিল্লীৰ পৰা তেওঁৰ দূৰত্ব আঠ হাজাৰ কিলোমিটাৰতকৈও অধিক। কিন্তু জোহান্সবাৰ্গৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰতৰ চন্দ্ৰত অৱতৰণৰ মুহূৰ্তৰ সাক্ষী হ’ব ৷ বৰ্তমান তেওঁ ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ দক্ষিণ আফ্ৰিকাত উপস্থিত হৈছে । আন্তঃৰাষ্ট্ৰীয় এই বৈঠকৰ মাজতে প্ৰধানমন্ত্ৰী গৰাকীয়ে বিৰল মুহুর্তৰ সাক্ষী হ’ব ৷
চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধ এনে এখন ঠাই য’ত আগতে কোনো ‘চন্দ্ৰ অভিযান’ আৰম্ভ হোৱা নাই। দেশৰ কোটি কোটি লোকে যি ধৰণৰ প্রতিযোগিতাত বিশ্বাস কৰে, সেই ধৰণৰ প্রতিযোগিতা ভাৰতে দেখুৱাইছে৷ এই ক্ষেত্ৰত তেওঁলোকৰ একমাত্ৰ ভয়ৰ স্থান হ’ল অতীতৰ চন্দ্ৰযান ২ অভিযানৰ বিফলতা। প্ৰধানমন্ত্ৰী মোদীক সেইদিনা হতাশ বিজ্ঞানীসকলৰ কাষত থিয় হৈ থকা দেখা গৈছিল। তেওঁ ক্ৰন্দনৰত বিজ্ঞানীসকলৰ বাবে আশা কঢ়িয়াই আনিলে, ভাৰতৰ চন্দ্ৰযান অতি সোনকালে পুনৰ চন্দ্ৰত উপস্থিত হ’ব। মোদীয়ে কয় যে এই অভিযান ব্যর্থ নহয়, ভাৰতৰ বিজ্ঞানীসকলে সফলতাৰ মুখ দেখিব।