VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

১৮ মাহ বয়সত দুটা হাৰ্ট এটেক! বুলগেৰিয়াৰ পৰা চেন্নাইত উপস্থিত হোৱাৰ পাছতে খোল খালে ভাগ্যৰ দুৱাৰ , কেনেদৰে শিশুটিৰ শৰীৰত সংৰোপন কৰা হ’ল হৃদযন্ত্ৰ !!

voicedesk by voicedesk
August 23, 2023
in মুখ্য সংবাদ
১৮ মাহ বয়সত দুটা হাৰ্ট এটেক! বুলগেৰিয়াৰ পৰা চেন্নাইত উপস্থিত হোৱাৰ পাছতে খোল খালে ভাগ্যৰ দুৱাৰ , কেনেদৰে শিশুটিৰ শৰীৰত সংৰোপন কৰা হ’ল হৃদযন্ত্ৰ !!
0
SHARES
54
VIEWS
Share on FacebookShare on Twitter

১৮ মাহ বয়সত দুবাৰকৈ হাৰ্ট এটেক হোৱাৰ পিছত অৱশেষত চেন্নাইত নতুন জীৱন লাভ কৰিলে বুলগেৰিয়াৰ এটি শিশুয়ে। শিশুটিৰ পিতৃ-মাতৃয়ে হৃদ চিকিৎসাৰ বাবে বুলগেৰিয়াৰ পৰা চেন্নাইত উপস্থিত হৈছিল ।যাত্ৰাৰ সময়ত  এবাৰ বিমানত আৰু আনবাৰ চেন্নাইৰ এখন চিকিৎসালয়ত হাৰ্ট এটেকত আক্ৰান্ত হৈছিল শিশুটি । অৱশেষত চিকিৎসকৰ প্ৰচেষ্টাত চেন্নাইত শিশুটিৰ ‘অপেন হাৰ্ট ট্ৰান্সপ্লাণ্ট’ অস্ত্ৰোপচাৰ সফল হ’ল।

 

প্ৰথম অৱস্থাত চিকিৎসকসকলে ‘বাৰ্লিন হাৰ্ট’ ব্যৱহাৰ কৰাৰ পৰিকল্পনা কৰিছিল। ‘বাৰ্লিন হাৰ্ট’ হৈছে এটা বিকল্প হাৰ্ট মেচিন যিয়ে বাহ্যিক আৰ্টিকুলেটেড পাম্প হিচাপে কাম কৰে। কিন্তু অৱশেষত চিকিৎসালয়খনে মুম্বাইৰ পৰা এটা কেঁচুৱাৰ হৃদপিণ্ড লাভ কৰিলে। যিটো পোৱাটো যথেষ্ট কঠিন কাম আছিল।সেয়া  লাভ কৰাৰ পিছত এই বুলগেৰিয়ান শিশুটিৰ শৰীৰত হৃদযন্ত্ৰটো অস্ত্ৰোপচাৰৰ দ্বাৰা সংৰোপণ কৰা হয়। চিকিৎসকৰ মতে এই অস্ত্ৰোপচাৰ যথেষ্ট বিপদজনক। কিন্তু তেওঁলোক সফল হ’ল, কণমানিটো সুস্থ হৈ পৰে । অস্ত্ৰোপোচাৰৰ  দায়িত্বত থকা চিকিৎসক বালকৃষ্ণনে কয়- “সেই সময়ত শিশুটিৰ শৰীৰৰ অৱস্থা যথেষ্ট সংকটজনক আছিল। আমি বিভিন্ন ধৰণে পৰিস্থিতি স্বাভাৱিক কৰিবলৈ চেষ্টা কৰি আছিলো। সেই মুহূৰ্ততে মুম্বাইৰ পৰা হস্পিতাললৈ ফোন আহিল। আমাৰ ওচৰলৈ খবৰ আহিল যে মুম্বাইত ১৮ মহীয়া শিশুৰ হৃদযন্ত্ৰ পোৱা গৈছে। এই সংযোগ আচৰিত বুলি ক’লে ভুল নহ’ব। ইমান সৰু ল’ৰা-ছোৱালীৰ অংগসমূহ সাধাৰণতে উপযুক্ত ৰোগী নথকাৰ বাবে ব্যৱহাৰ কৰা নহয়। এই ক্ষেত্ৰত সেইটোৱেই শিশুটিক উপকৃত কৰিলে ৷”

 

যি শিশুৰ হৃদযন্ত্ৰ পোৱা গৈছিল, সেই শিশুটিৰ বুলগেৰিয়াৰ শিশুটিৰ সৈতে  তেজৰ গ্ৰুপৰ মিল  নাছিল। চিকিৎসালয়ৰ সূত্ৰৰ পৰা জানিব পৰা মতে, চিকিৎসকে ‘এবিঅ ইনকম্পেটিবল ট্ৰান্সপ্লাণ্টেচন’ পদ্ধতিৰে অস্ত্ৰোপচাৰ কৰে ৷

 

৬ জুলাইত বুলগেৰিয়াৰ পৰা চেন্নাইত উপস্থিত হৈছিল ১৮ মহীয়া ক্ৰীছি আৰু তেওঁৰ মাতৃ ইভানজেলিনা। ইভানজেলিনাই কয় –“এই যাত্ৰা মোৰ বাবে আছিল অতি প্ৰত্যাহ্বানজনক। চিকিৎসাৰ ব্যৱস্থা কৰাটো যথেষ্ট সময়সাপেক্ষ আছিল। কিন্তু মোৰ হাতত সময় খুব কম আছিল। যাত্ৰাৰ সময়ছোৱাত ক্ৰীছিৰ হৃদযন্ত্ৰই দুবাৰকৈ ভেণ্টিলেটৰত কাম কৰা বন্ধ কৰি দিছিল। তেওঁৰ বয়সৰ এটি শিশুৰ হৃদযন্ত্ৰ চেন্নাইত উপস্থিত হোৱাৰ মাত্ৰ সাত দিনৰ ভিতৰতে পোৱাটো মোৰ বাবে সঁচাকৈয়ে আচৰিত।”

Previous Post

পশ্চিম কাৰ্বি আংলঙত তিৱা ভাষাৰ অভিধান উন্মোচন

Next Post

ইচ্ছা কৰিলেও উপায় নাই! দুই কন্যাৰ অমতৰ বাবেই বিয়াত নবহিল সুস্মিতা সেন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ইচ্ছা কৰিলেও উপায় নাই! দুই কন্যাৰ অমতৰ বাবেই বিয়াত নবহিল সুস্মিতা সেন

ইচ্ছা কৰিলেও উপায় নাই! দুই কন্যাৰ অমতৰ বাবেই বিয়াত নবহিল সুস্মিতা সেন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7