গুৱাহাটী, ২৩ আগষ্টঃ অসম চৰকাৰৰ পৰিবহণ বিভাগে যান-বাহনৰ গৰাকীসকলক বিশেষভাৱে সকাহ দি গ্ৰহণ কৰা চাৰিখন আঁচনিৰ বহুল প্ৰচাৰ অভিযান কামৰূপ মহানগৰ জিলাত আৰম্ভ হৈছে৷ কামৰূপ মহানগৰ জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই আজি জিলা আয়ুক্ত কাৰ্যালয়ৰ চৌহদত জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ে স্থাপন কৰা এটা সহায় কেন্দ্ৰ মুকলি কৰি আনুষ্ঠানিক ভাৱে প্ৰচাৰ অভিযানৰ শুভাৰম্ভ কৰে৷ সহায় কেন্দ্ৰটো মুকলি কৰি জিলা আয়ুক্ত গৰাকীয়ে কয়, ‘যিহেতু জিলা আয়ুক্ত কাৰ্যালয়লৈ জিলাখনৰ সকলো প্ৰান্তৰ পৰা দৈনিক বহু সংখ্যক লোকৰ আগমন হয় সেয়ে কেন্দ্ৰটো এই স্থানত এসপ্তাহৰ বাবে স্থাপন কৰা হৈছে৷ ৰাইজে ইয়াৰ পৰা পৰিবহণ বিভাগৰ নতুন সকাহ আঁচনি সমূহৰ বিষয়ে সবিশেষ জানিব পাৰিব৷’ তেওঁ আঁচনি সমূহৰ সুবিধা ল’বলৈ ৰাইজক আহ্বান জনায়৷ সহায় কেন্দ্ৰটোলৈ আহি পৰিবহণ বিভাগে আৰম্ভ কৰা নতুন চাৰিখন আঁচনিৰ বিষয়ে ৰাইজে সবিশেষ জানিব পাৰিব আৰু এই সম্পৰ্কীয় মনৰ সন্দেহ দূৰ কৰিব পাৰিব৷ পৰিবহণ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত বিক্ৰম ছেত্ৰী উপস্থিত থকা কেন্দ্ৰটোৰ মুকলি অনুষ্ঠানত সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসে পৰিবহণ বিভাগৰ চাৰিখন আঁচনিৰ বিষয়ে সংক্ষিপ্তভাৱে সদৰি কৰে ৷
তেওঁ কয় যে, চলিত বৰ্ষৰ ৩১মাৰ্চ পৰ্যন্ত দুই বছৰতকৈ অধিক সময় ধৰি কৰ পৰিশোধ নকৰা বাহনৰ গৰাকীক এককালীন নিষ্পত্তি কৰ আঁচনিৰ জৰিয়তে কৰ আদায়ত ৫০ শতাংশলৈকে ৰেহাই দিয়াৰ ব্যৱস্থা লোৱা হৈছে৷ বাহন চালনাৰ অনুজ্ঞাপত্ৰ আৰু গাড়ীৰ পঞ্জীয়ন প্ৰমানপত্ৰ সকলোৱে বাধ্যতামূলকভাৱে ডিজিটাইজেশ্যন কৰিব লাগিব৷ যোৱা এক আগষ্টৰ পৰা তিনি মাহৰ বাবে ডিজিটাইজেশ্যনৰ এই সুবিধা আগবঢ়োৱা হৈছে৷ এই সময়ছোৱাত ডিজিটাইজেশ্যন নোহোৱা মেনুৱেল কাগজভিত্তিক গাড়ী চালনাৰ অনুজ্ঞা-পত্ৰ আৰু বাহনৰ পঞ্জীয়নপত্ৰ বাতিল কৰা হ’ব৷ স্ক্ৰেপ কৰা বাহনৰ গৰাকী সকলক ইতিমধ্যে স্ক্ৰেপ কৰা বাহনৰ বিপৰীতে আদায় দিবলগীয়া বকেয়া ধন পৰিশোধৰ লগতে গাড়ীৰ পঞ্জীয়নৰ প্ৰমাণ-পত্ৰ বাতিলৰ ক্ষেত্ৰত এককালীন সকাহ প্ৰদানৰো ব্যৱস্থা কৰা হৈছে৷ অসম চৰকাৰৰ পৰিবহণ বিভাগে বিভিন্ন শ্ৰেণীৰ ব্যৱসায়িক বাহনলৈ বৃহৎ সকাহ দি ফিটনেছ অৰ্থাৎ সক্ষমতাৰ প্ৰমাণপত্ৰৰ বিলম্ব মাচুল দ্বিতীয় আৰু শেষবাৰৰ বাবে হ্ৰাস কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ যোৱা ১৫ জুলাইত আৰম্ভ হোৱা এই পদক্ষেপৰ অধীনত আগন্তুক ১৫ অক্টোবৰলৈকে ফিটনেছৰ প্ৰমানপত্ৰৰ কাম সম্পন্ন হ’ব, কিন্তু আবেদনকাৰীয়ে প্ৰথম দুমাহৰ ভিতৰতে আবেদন কৰিব লাগিব৷ এই আঁচনিসমূহৰ বিষয়ে কামৰূপ মহানগৰ জিলাত ব্যাপক প্ৰচাৰ চলোৱা হ’ব বুলিও সহকাৰী পৰিবহণ আয়ুক্ত গৰাকীয়ে কয়৷ অনুষ্ঠানত জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাসে চৰকাৰে আগবঢ়োৱা আচনিসমূহৰ সুবিধা লাভ কৰি বাহনসমূহ বৈধ কৰি ৰাখি সুৰক্ষিত যাতায়াত ব্যৱস্থা বজাই ৰখাৰ বাবে বাহনৰ গৰাকীৰ প্ৰতি আহ্বান জনায় ৷ অনুষ্ঠানত যানবাহন পৰিদৰ্শক জয়সিং ৰংফাৰ, বলেন পাঠককে ধৰি কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ কেবাগৰাকী বিষয়াসহ কেবাটাও পৰিবহণ সংস্থাৰ বিষয়ববীয়া উপস্থিত থাকে ৷ যান-বাহন চলোৱাৰ সময়ত মানিবলগীয়া নিয়মসমূহৰ সজাগতাৰ বাবে অনুষ্ঠানত মূকাভিনয়ো প্ৰদৰ্শন কৰা হয়৷