VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা ৱেগনাৰৰ মুৰব্বী প্ৰিগোজিনৰ বিমান দুৰ্ঘটনাত মৃত্যুক লৈ ৰহস্য

voicedesk by voicedesk
August 24, 2023
in মুখ্য সংবাদ
ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰা ৱেগনাৰৰ মুৰব্বী প্ৰিগোজিনৰ বিমান দুৰ্ঘটনাত মৃত্যুক লৈ ৰহস্য
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

আফ্ৰিকাৰ মৰুভূমিৰ পৰা ছ’চিয়েল মিডিয়াত ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰি মঙলবাৰে আই এছ আৰু আল কায়দাৰ বিৰুদ্ধে যুদ্ধ আৰম্ভ হোৱাৰ কথা ঘোষণা কৰা ৱেগনাৰ সেনাবাহিনীৰ বিতৰ্কিত মুৰব্বী অলিগাৰ্চ য়েভগেনি প্ৰিগোজিনৰ বিমান দুৰ্ঘটনাত মৃত্যু হয়!এই কথা দাবী কৰিছে ৰুছ সংবাদমাধ্যমে ৷

 

ৰাছিয়াৰ টেলিগ্ৰাম চেনেলত প্ৰচাৰিত এক প্ৰতিবেদনত দাবী কৰা হৈছে যে বুধবাৰে মস্কোৰ পৰা চেণ্ট পিটাৰ্ছবাৰ্গলৈ যোৱা এটা ব্যক্তিগত কোম্পানী এম্ব্ৰায়াৰ লেগেচি বিমানখন টিভাৰ অঞ্চলৰ কুজেনকিনো গাঁৱৰ ওচৰত দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনত পাইলট, ক্ৰু আৰু যাত্ৰীসহ ১০জন লোক আছিল। সকলোৰে মৃত্যু হৈছে ৷ প্ৰকাশিত বাতৰিটোত দাবী কৰা হৈছে যে এসময়ত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাদিমিৰ পুটিনৰ ঘনিষ্ঠ প্ৰিগোজিন মৃতকৰ তালিকাত আছে। যদিও প্ৰিগোজিনৰ মৃত্যুৰ খবৰ ৰাছিয়াৰ প্ৰেছত ইয়াৰ পূৰ্বেও প্ৰকাশ পাইছে।

 

মঙলবাৰে ৰাছিয়াৰ ভাড়াতীয়া নেতা প্ৰিগোজিনে ভিডিঅ’ বাৰ্তাযোগে কয় যে এতিয়া আফ্ৰিকাৰ মৰুভূমি তেওঁৰ ঠিকনা। ৱেগনাৰৰ সেনাবাহিনীত নতুন যোদ্ধা নিযুক্তিৰ কথাও ঘোষণা কৰি ‘আকাংক্ষী’সকলে যোগাযোগ কৰিব পৰাকৈ এটা ফোন নম্বৰ দিয়ে। ভিডিঅ’টো চোৱাৰ পিছত প্ৰথমে ভবা হৈছিল যে প্ৰিগোজিন এতিয়া চাহাৰা মৰুভূমিৰ ওচৰৰ কোনো  দেশত আছে । অৱশ্যে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাদিমিৰ পুটিনৰ এসময়ৰ ঘনিষ্ঠ ৱেগনাৰৰ মুৰব্বীয়ে তেওঁ ক’ত আছে সেই বিষয়ে কোনো তথ্য প্ৰকাশ কৰা  নাছিল। প্ৰিগোজিনে ভিডিঅ’ বাৰ্তাযোগে কয়, “ইয়াৰ তাপমাত্ৰা ৫০ ডিগ্ৰীতকৈও অধিক। কিন্তু আমি সুখী। ৱেগনাৰে এতিয়া প্ৰতিখন মহাদেশতে ৰাছিয়াৰ গৌৰৱত অৰিহণা যোগাইছে। এইবাৰ আমি আফ্ৰিকাৰ জনসাধাৰণক স্বাধীনতা আৰু আনন্দৰ সোৱাদ দিয়াৰ লগতে তেওঁলোকৰ বাবে ন্যায় নিশ্চিত কৰাৰ কাম কৰিম। ইছলামিক ষ্টেট (আই এছ), আল কায়দাকে ধৰি সকলো উগ্ৰপন্থীৰ বাবে আমি দুঃস্বপ্ন হৈ পৰিম।”

 

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে  জুলাই মাহৰ আৰম্ভণিতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ নিৰ্দেশত প্ৰিগোজিনক হত্যা কৰা বুলি অভিযোগ উত্থাপন হৈছিল। মস্কোৰ বিৰুদ্ধে ব্যৰ্থ বিদ্ৰোহৰ পিছত প্ৰিগোজিনে বেলাৰুছত আশ্ৰয় লৈছিল বুলিও জল্পনা-কল্পনা চলিছিল।  যোৱা বছৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে ইউক্ৰেইনৰ কিয়েভ, ডনবাছকে ধৰি কেইবাটাও অঞ্চল দখল কৰাৰ দায়িত্ব নিজৰ বাহিনীক অৰ্পণ কৰিছিল। কিন্তু ৰাছিয়াৰ টাইকুন প্ৰিগোজিনৰ ভাড়াতীয়া গোট ৱেগনাৰৰ “বন্দুকৰ নলী” যোৱা জুন মাহত পুটিনৰ ফালে ঘূৰিছিল। ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ে সেই ‘বিদ্ৰোহ’ৰ সৈতে সফলতাৰে মোকাবিলা কৰাৰ পিছত প্ৰিগোজিনৰ ‘ভৱিষ্যৎ’ক লৈ প্ৰশ্ন উত্থাপন হয়। ইয়াৰ পিছত তেওঁৰ হঠাৎ নিৰুদ্দেশ হোৱাৰ লগে লগে  নতুন জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। পাশ্চাত্যৰ কিছুমান সংবাদ মাধ্যমে তেওঁক হত্যা কৰা হৈছে বা কাৰাগাৰত ভৰাই থোৱা বুলি মত প্ৰকাশ কৰিছিল।

 

জুন মাহত ৱেগনাৰৰ যোদ্ধা বিমানে ইউক্ৰেইনৰ সীমান্তৰ কেইবাটাও অঞ্চল নিয়ন্ত্ৰণ কৰিছিল। ইয়াৰ পিছত তেওঁলোকে ৰাছিয়াৰ ৰাজধানী মস্কোৰ দিশে অভিযান আৰম্ভ কৰে। কিন্তু সেই সময়ত পুটিনে দ্ৰুতগতিত নিজৰ নিষ্ঠাবান ৰাছিয়ান সেনাবাহিনীক “বিদ্ৰোহী”সকলৰ সন্মুখত ৰাখে। পশ্চিমীয়া বিভিন্ন সংবাদ মাধ্যমে প্ৰকাশ কৰিছিল যে সেই সময়ত প্ৰিগোজিনে ৰাছিয়া এৰি বেলাৰুছলৈ গৈছিল। পুটিনৰ ঘনিষ্ঠ বেলাৰুছ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ লুকাচেংকোৱে দাবী কৰে যে তেওঁৱেই ৱেগনাৰৰ বাহিনীক মস্কোৰ সৈতে মিলন ঘটাইছিল। আমেৰিকা আৰু ইউৰোপীয় দেশসমূহে সেই সময়ত কৰা চর্চা অনুসৰি  এই বন্দোবস্তৰ চৰ্ত অনুসৰি প্ৰিগোজিনক বেলাৰুছলৈ প্ৰেৰণ কৰা হৈছে। কিন্তু “উল্লেখযোগ্যভাৱে” লুকাচেংকোৱে দাবী কৰে যে তেওঁৰ দেশত কোনো প্ৰিগোজিন নাই। ক্ৰেমলিনেও কয় যে তেওঁলোকে নাজানে ৱেগনাৰৰ ক’ত আছে ।

 

সেই পৰিস্থিতিত প্ৰিগ’জিন জীয়াই আছে নে নাই সেই সম্পৰ্কে জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। ৱেগনাৰৰ বাহিনীয়ে “যুদ্ধ ভংগ” কৰাৰ পিছত “বেনামী” হোৱা প্ৰিগোজিনে এটা অডিঅ’ বাৰ্তাযোগে দাবী কৰে যে তেওঁলোকে ৰাষ্ট্ৰপতি পুটিন চৰকাৰ আৰু তেওঁৰ সৈন্যৰ আচৰণৰ প্ৰতিবাদ কৰিবলৈ সমদল উলিয়াইছে, বিদ্ৰোহৰ নহয়।  এসময়ত পুটিনৰ ঘনিষ্ঠ হোটেল মালিক প্ৰিগোজিনৰ ভাড়াতীয়া বাহিনী ৰাছিয়াৰ সেনাৰ অংশ নহয়। কিন্তু যোৱা ডেৰ বছৰ ধৰি তেওঁলোকে ৰাছিয়াৰ বাহিনীৰ মিত্ৰ হিচাপে ইউক্ৰেইন যুদ্ধত অংশগ্ৰহণ কৰি আহিছে। বিগত সময়ত প্ৰায় ৪০ হাজাৰ যোদ্ধাৰ এই পেছাদাৰী ভাড়াতীয়া বাহিনীটোৱে লিবিয়া, ছিৰিয়া, মোজাম্বিক, চুডানৰ দৰে দেশত গৃহযুদ্ধতো যুঁজি আহিছে। ইউক্ৰেইন যুদ্ধৰ কৌশলক লৈ চলিত বৰ্ষৰ আৰম্ভণিৰে পৰা ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী চাৰ্গেই শ্বোইগু আৰু সেনা প্ৰধান ভেলেৰী গেৰাচিমোভৰ সৈতে প্ৰিগোজিনৰ বিবাদ চলি আহিছে । তেওঁ লগতে অভিযোগ কৰে যে ৰাছিয়াৰ সেনাই ইচ্ছাকৃতভাৱে ৱেগনাৰৰ যোদ্ধাসকলক মৃত্যুৰ ফালে ঠেলি দিছে।

Previous Post

চাকৰিৰ নামত তামোল এখনো নোখোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দলৰ নেতাই চলাইছে চাকৰিৰ বজাৰ: আপ

Next Post

ধেমাজি বোমা বিস্ফোৰণৰে জড়িত ৬ অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ধেমাজি বোমা বিস্ফোৰণৰে জড়িত ৬ অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ

ধেমাজি বোমা বিস্ফোৰণৰে জড়িত ৬ অভিযুক্তক দোষমুক্ত ঘোষণা উচ্চ ন্যায়ালয়ৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7