এলুম পাউদাৰৰ পৰিৱর্তে মাৰ্বল পাউদাৰ পৰিবহণ কৰি ৰে’লৱেক ব্যাপক লোকচানলৈ ঠেলি দিয়া অসমৰ প্ৰবেশ কাব্ৰা নামৰ এজন ব্যৱসায়ীক চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে ৷ কাব্ৰাই দীৰ্ঘদিন ধৰি আমেৰিকাত আত্মগোপন কৰি আছিল। আন্তঃৰাষ্ট্ৰীয় অপৰাধ আৰক্ষী সংস্থা (ইণ্টাৰপ’ল)ৰ সহায়ত তদন্তকাৰী সংস্থাই অভিযানৰ অন্তত বেংগালুৰু বিমানবন্দৰত তেওঁক গ্ৰেপ্তাৰ কৰে বুলি জানিব পৰা গৈছে ৷
তদন্তৰ সময়ত পোহৰলৈ অহা তথ্য অনুসৰি বিনায়ক লজিষ্টিকছৰ স্বত্বাধিকাৰী তথা ইয়াৰ সংস্থা বিনায়ক লজিষ্টিকছ ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ সঞ্চালক কাব্ৰাই অজ্ঞাত ৰে’লৱে বিষয়াৰ সহযোগত অপৰাধমূলক ষড়যন্ত্ৰত লিপ্ত হৈ মার্বল পাউডাৰৰ অবৈধ সৰবৰাহ কৰিছিল ৷ ২০২১ চনৰ ছেপ্টেম্বৰৰ পৰা ২০২২ চনৰ মাৰ্চলৈকে ৰাজস্থানৰ পৰা কেইবাটাও স্থানলৈ ২০ ৰেক মার্বল পাউডাৰ পৰিবহণ কৰে ৷
তদন্তকাৰী সংস্থাটোৱে প্ৰকাশ কৰা অনুসৰি কাব্ৰাৰ এই জালিয়াতিৰ বাবে ভাৰতীয় ৰে’লৱেৰ ৫ কোটিৰো অধিক ৰাজহ লোকচান হৈছে৷ পণ্য হিচাপে এলুম পাউদাৰৰ মাৰ্বল পাউদাৰৰ তুলনাত কম মালবাহী কৰ দিবলগীয়া হয় ৷ যাৰ বাবে অধিক লাভৰ আশাত ৰেলৱেৰ একাংশ বিষয়াক মেনেজ কৰি কাব্ৰাই এলুম পাউডাৰৰ সলনি মার্বল পাউডাৰ সৰবৰাহ কৰে ৷