ঋতু পৰ্ণ শৰ্মা,নগাঁও,২৩ আগষ্ট:– নগাঁও জিলাৰ মুক্তিযুঁজাৰুসকলৰ পৰিয়ালসমূহক সবিশেষ তথ্য সমূহ জমা দিবলৈ নগাঁও জিলা মুক্তিযুঁজাৰু সন্মিলনে আহ্বান জনাইছে ৷ উল্লেখ্য যে ৰাজ্যচৰকাৰে দুশ কোটি টকা ব্যয় সাপেক্ষে যোৰহাট কাৰাগাৰত মুক্তিযুঁজাৰুসকলৰ এখন স্মাৰক উদ্যান নিৰ্মাণ কৰিবলৈ ব্যাপক প্ৰস্তুতি আৰম্ভ কৰিছে ৷ উক্ত উদ্যানখনত সমগ্ৰ অসমৰ ১৯৪২ৰ শ্বহীদসকল আৰু মুক্তিযুঁজাৰুসকলৰ নাম খোদিত এখন স্মাৰক নিৰ্মাণ কৰিব ৷ ইতিমধ্যে যোৰহাট জিলাৰ লোক নিৰ্মাণ(প্ৰাদেশীয় গৃহ)বিভাগৰ কাৰ্যবাহী অভিযন্তাই JBD/TECH/FREE.MOVE/JAIL/JOR/114/17/7 নং পত্ৰ যোগে যোৱা ১৬ আগষ্টত উক্ত বিষয় সন্দৰ্ভত অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ সাধাৰণ সম্পাদক দ্বিজেন্দ্ৰ মোহন শৰ্মালৈ পত্ৰ প্ৰেৰণ কৰি অসম তথা উত্তৰপূৰ্বাঞ্চলৰ মুক্তিযুঁজাৰু সকলৰ সৱিশেষ তথ্য দিবলৈ আহ্বান জনাইছে ৷
সেই মৰ্মে,অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলনৰ সাধাৰণ সম্পাদক দ্বিজেন্দ্ৰ মোহন শৰ্মাই যোৱা ১৭ আগষ্টত অসমৰ প্ৰতিখন জিলা মুক্তিযুঁজাৰু সন্মিলনৰ সভাপতি তথা সম্পাদকলৈ এখন পত্ৰৰ জৰিয়তে নিজ নিজ জিলাৰ জীৱিত আৰু মৃত মুক্তিযুঁজাৰু সকলৰ নাম,ঠিকনা,পি পি অ নং আৰু যোগাযোগৰ নম্বৰ সহ শুদ্ধ তথ্য সংগ্ৰহ কৰি অহা ৩১ আগষ্টৰ ভিতৰত পোৱাকৈ এখন তালিকা প্ৰস্তুত কৰি পঠিয়াবলৈ আহ্বান জনাইছে ৷ উল্লেখ্য যে অসম চৰকাৰৰ Enquiry Commission Report—1979ত নাম সন্নিবিষ্ট থকা তথা পেঞ্চনৰ পৰা বঞ্চিত স্বাধীনতা সংগ্ৰামীসকলৰ নামো পৃষ্ঠা নং আৰু ক্ৰমিক নং সহ উক্ত তালিকাভুক্ত কৰি পঠিয়াবলৈ নিৰ্দেশনা দিছে আৰু জিলা মুক্তিযুঁজাৰু সন্মিলনক বিষয়টো অতি গুৰুত্ব সহকাৰে ল’বলৈ কোৱা হৈছে ৷ তালিকাত নাম নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়ালে যদি ভৱিষ্যতলৈ তালিকাত নাম অন্তৰ্ভুক্ত নোহোৱা প্ৰসংগ উত্থাপন কৰি আপত্তি দৰ্শাই তেনেহ’লে জিলা সমিতিসমূহ দায়বদ্ধ হ’ব ৷ গতিকে নগাঁও জিলা মুক্তিযুঁজাৰু সন্মিলনৰ সভাপতি আৰু সম্পাদক ক্ৰমে যতীন্দ্ৰ নাথ হাজৰিকা আৰু নীলৰঞ্জন শৰ্মাই তথ্যগত এখন শুদ্ধ তালিকা প্ৰস্তুত কৰিবলৈ সমগ্ৰ নগাঁও জিলাৰ মুক্তিযুঁজাৰু পৰিয়াল সমূহক অতি শীঘ্ৰে ৬০০১৪৬০১০৫ এই ম’বাইল নম্বৰত যোগাযোগ কৰিবলৈ অথবা নগাঁও জিলা মুক্তিযুঁজাৰু ভৱনত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে ৷