ৰাজ্যত অব্যাহত আছে ডেংগুৰ সংক্ৰমণ ৷ ৰাজ্যৰ কেইবাটাও প্ৰান্তত এই ৰোগৰ সংক্ৰমণ ঘটিছে যদিও কার্বিআংলঙত ই ভয়াৱহ ৰূপ ধাৰণ কৰিছে ৷ বৃহস্পতিবাৰলৈ জিলাখনত ডেংগুত আক্ৰান্তৰ সংখ্যা ৩,৩৩২ গৰাকীলৈ বৃদ্ধি পাইছে ৷ ইয়াৰ সমান্তৰালভাৱে জিলাখনত আই ফ্লুৰ সংক্ৰমণো বৃদ্ধি পাইছে ৷ যাৰ বাবে ডিফু পৌৰসভা এলেকাৰ অন্তর্গত শিক্ষানুষ্ঠানসমূহ অহা ২৭ আগষ্টলৈ বন্ধ ঘোষণা কৰা হৈছে ৷ ডিফুত সংক্ৰমণ ৰোধৰ বাবে ঘৰে ঘৰে অভিযান চলাইছে স্বাস্থ্য বিভাগে ৷
উল্লেখ্য যে কালিৰ দিনটোত কার্বিআংলঙত সর্বাধিক ৫৬ জন লোক আক্ৰান্ত হৈছে ৷ তদুপৰি ডিমা-হাচাওত ১৮ জন,গোলাঘাটত ৪ জন, হোজাইত ৫জন আৰু শোণিতপুৰত ১ জন লোক আক্ৰান্ত হৈছে ৷ বৃহস্পতিবাৰে ডেংগুত আক্ৰান্ত মুঠ লোকৰ সংখ্যা হৈছে ৮৪ জন ৷
ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ তথ্য অনুসৰি চলিত বর্ষৰ ১ জানুৱাৰীৰ পৰা ২৪ আগষ্টলৈ ৰাজ্যত মুঠ ৩,৮২৯ জন লোক আক্ৰান্ত হৈছে ৷ ইয়াৰে ৪ জন লোকৰ মৃত্যু ঘটিছে ৷ আনহাতে, একেই সময়চোৱাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈছে আক্ৰান্ত হৈছে ৪৪১ জন লোক ৷ ইয়াৰে ২৬ জন লোকৰ মৃত্যু ঘটিছে ৷