নিৰ্বাচনী প্ৰৱঞ্চনাৰ অভিযোগত বৃহস্পতিবাৰে গ্ৰেপ্তাৰ হ’ল আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। বৃহস্পতিবাৰে আটলাণ্টাৰ ফুলটন কাউন্টি জেলত তেওঁ আত্মসমৰ্পণ কৰে। কিন্তু গ্ৰেপ্তাৰৰ সময়ত তেওঁৰ ফটো তোলাৰ পিছত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক ২০ লাখ ডলাৰৰ বণ্ডত মুকলি কৰি দিয়া হয়। বিশ মিনিট কাৰাগাৰত কটাবলগীয়া হৈছিল ট্ৰাম্পে। ইয়াৰ পিছত তেওঁ কাৰাগাৰৰ পৰা ওলাই আহে ৷
২০২০ চনত ৰাষ্ট্ৰপতি নিৰ্বাচনত ৰিপাব্লিকান দলৰ প্ৰাৰ্থী তেতিয়াৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ডেম’ক্ৰেটিক দলৰ প্ৰাৰ্থী জো বাইডেনৰ মাজত জর্জিয়াত কঠিন যুঁজ হৈছিল। কিন্তু বাইডেনে ১২ হাজাৰ ভোটত জয়লাভ কৰে। ট্ৰাম্পে দাবী কৰিছিল যে এই গণনাত ৰিগিং কৰা হৈছে। পৰৱর্তী সময়ত তেওঁৰ বিৰুদ্ধেহে কাউণ্টাৰ ৰিগিঙৰ অভিযোগ উত্থাপন হয়। জৰ্জিয়াৰ ফলাফল সলনি কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে। জৰ্জিয়াৰ আদালতত ট্ৰাম্পৰ বিৰুদ্ধে মুঠ ১৩টা অভিযোগ উত্থাপন কৰা হৈছিল। সেইবোৰৰ ভিতৰত ৰাজহুৱা বিষয়াৰ শপতনামা উলংঘা কৰা আৰু প্ৰতাৰণা কৰাৰ ষড়যন্ত্ৰ কৰা আদি অন্যতম। ট্ৰাম্পৰ লগতে তেওঁৰ দুজন ঘনিষ্ঠ সহায়ক — তেতিয়াৰ হোৱাইট হাউছৰ মুখ্য কৰ্মচাৰী মাৰ্ক মিড’ছ আৰু ড’নাল্ড ট্ৰাম্পৰ অধিবক্তা ৰুডি জিউলিয়ানি — অভিযুক্ত কৰা হৈছিল। ইয়াৰ উপৰিও আমেৰিকাৰ ন্যায় বিভাগৰ তেতিয়াৰ মুৰব্বী জেফ্ৰি ক্লাৰ্ককে ধৰি আন ১৬ জনৰ বিৰুদ্ধে একে অভিযোগ উত্থাপন হৈছে। সকলোকে আত্মসমৰ্পণৰ বাবে ২৫ আগষ্টলৈকে সময় দিয়া হৈছিল। সেই নিৰ্দেশৰ পিছতে ট্ৰাম্পে জৰ্জিয়াৰ কাৰাগাৰলৈ গৈ বৃহস্পতিবাৰে আত্মসমৰ্পণ কৰে।
ট্ৰাম্পৰ উপৰিও এই গোচৰৰ আন অভিযুক্তসকলেও আত্মসমৰ্পণ কৰিছে। আমেৰিকাৰ সকলো প্ৰাক্তন ৰাষ্ট্ৰপতিৰ ভিতৰত ট্ৰাম্প প্ৰথমজন ৰাষ্ট্ৰপতি যিয়ে অপৰাধমূলক অভিযোগৰ সন্মুখীন হৈ গ্ৰেপ্তাৰ হৈছে।
গ্ৰেপ্তাৰৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ট্ৰাম্পে কয় যে আমেৰিকাৰ বাবে এইটো এটা অতি দুখজনক দিন।তেওঁ একো ভুল কৰা নাই।তেওঁৰ বিৰুদ্ধে ন্যায় ব্যৱস্থাক প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন হৈছে। ৰিপাব্লিকান দলৰ প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীক গ্ৰেপ্তাৰ কৰাৰ খবৰ লাভ কৰাৰ পিছত তেওঁৰ বহু সমৰ্থকে আটলাণ্টাৰ জেলৰ বাহিৰত একত্ৰিত হৈ শ্লোগান দিয়ে।