ৰাজ্যত অহা ২ অক্টোবৰৰ পৰা নিষিদ্ধ হ’ব ১ লিটাৰৰ তলৰ প্লাষ্টিকৰ পানীৰ বটল ৷ ইতিমধ্যে যোৱা ২২ জুলাইত অসম চৰকাৰে এই সন্দর্ভত কেবিনেট সিদ্ধান্তও গ্ৰহণ কৰিছে ৷ ইয়াৰ পিছতে শেহতীয়াকৈ যোৱা ২৩ আগষ্টত আনুষ্ঠানিক জাননী জাৰি কৰা হৈছে ৷ এই জাননীৰ জৰিয়তে ১০০০ মিলিলিটাৰৰ তলৰ প্লাষ্টিক পানীৰ বটলৰ উৎপাদন,ৰপ্তানি,মজুতকৰণ, বিতৰণ, বিক্ৰী আৰু ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে ৷ পৰিৱেশ আৰু বন বিভাগৰ অতিৰিক্ত মুখ্য সচিব আইএএছ আৰ এছ প্ৰসাদে জাৰি কৰা এই নির্দেশনা অহা ২ অক্টোবৰৰ পৰা কার্যকৰী হ’ব ৷ পৰিৱেশ সুৰক্ষা আইন,১৯৮৬ৰ ৫ ধাৰাৰ অধীনত লাভ কৰা ক্ষমতা প্ৰয়োগ কৰি এই জাননী জাৰি কৰা হৈছে ৷
লক্ষণীয় যে ৰাজ্যৰ পৰিৱেশ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে ১০০০ মিলিলিটাৰৰ তলৰ প্লাষ্টিকৰ বটল নিষিদ্ধ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ অহা বর্ষৰ পৰা ১ লিটাৰৰ প্লাষ্টিকৰ পানীৰ বটলো ৰাজ্যত নিষিদ্ধ কৰা হ’ব বুলি ঘোষণা কৰা হৈছে ৷ কেবিনেটত লোৱা সেই সিদ্ধান্ত অনুসৰিয়েই ২৩ আগষ্টত আৰ কে প্ৰসাদে জাননীখন জাৰি কৰিছে ৷