ঋতু পৰ্ণ শৰ্মা,নগাঁও,২৪ আগষ্ট:– অসম সাহিত্য সভাৰ আগন্তুক একাদশ বিশেষ বাৰ্ষিক অধিৱেশন–২০২৪খনি অহা ১ ফ্ৰেব্ৰুৱাৰীৰ পৰা ৩ ফ্ৰেব্ৰুৱাৰীলৈ তিনিদিনীয়া বৰ্ণিল কাৰ্যসূচীৰে নগাঁও-মৰিগাঁও জিলাৰ সীমান্তৱৰ্তী বাৰপূজীয়াত অনুষ্ঠিত হ’ব । বাৰপূজীয়া শতদল শাখা সাহিত্য সভাৰ আমন্ত্ৰণমৰ্মে অনুষ্ঠিতব্য অধিৱেশনখনি সাফল্য মণ্ডিত কৰিবলৈ আদৰণি সমিতিয়ে ব্যাপক প্ৰস্তুতি চলাই থকাৰ মাজতে বৃহস্পতিবাৰে অধিৱেশনখনিৰ সন্দৰ্ভত আদৰণি সমিতিৰ এটি প্ৰতিনিধি দলে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ৰামেশ্বৰ তেলীক সাক্ষাৎ কৰি এটি আলোচনাত মিলিত হয় ৷
বিশেষ অধিৱেশনখনি সফল ৰূপায়ণৰ বাবে বিভিন্ন দিশৰ ওপৰত আলোচনা কৰে আদৰণি সমিতিৰ প্ৰতিনিধি দলটিয়ে ৷ উল্লেখ্য যে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ লগতে মন্ত্ৰী ৰামেশ্বৰ তেলীৰ সৈতে আলোচনা মিলিত হয় ক্ৰমে অসম সাহিত্য সভাৰ একাদশ বিশেষ বাৰ্ষিক বাৰপূজীয়া অধিবেশনৰ আদৰণি সমিতিৰ সভাপতি হেমন্ত কুমাৰ দেউৰী,আদৰণি সমিতিৰ কাৰ্যকৰী সভাপতি বিৰিঞ্চি কুমাৰ শৰ্মা, সাধাৰণ সম্পাদক ডাঃ প্ৰদীপ কুমাৰ ডেকা আৰু মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি মহেন্দ্ৰ শইকীয়া,আদৰণি সমিতিৰ উপ সভাপতি কেশৱ চন্দ্ৰ লাহন আৰু গুৱাহাটী মহানগৰ উপ সমিতিৰ সভাপতি মহিম চন্দ্ৰ ডেকাই ।