আহাৰ দেহৰ মূল চালিকা শক্তি। কিন্তু যধে মধে গ্ৰহণ কৰা আহাৰে শৰীৰৰ উপকাৰতকৈ অধিক অপকাৰহে কৰে। আহাৰ গ্ৰহণ কৰোতে কিছুমান কথা গুৰুত্ব দিয়া উচিত।
আমাৰ পূৰ্বপুৰুষসকলে বেছিভাগ প্ৰকৃতিপ্ৰদত্ত আহাৰেই গ্ৰহণ কৰিছিল। বহুতে মানি ল’ব নিবিচাৰিলেও এই কথা সত্য যে প্ৰকৃতিপ্ৰদত্ত খাদ্যসমূহৰ কিছুমান নিৰ্দিষ্ট গুণাৱলী আছে। সেইবোৰ ঋতু অনুযায়ী গ্ৰহণ কৰাৰ লগে লগে মানুহে সেইবোৰৰ পৰা প্ৰয়োজনীয় শক্তি লাভ কৰে যি শৰীৰক পুষ্টি যোগান ধৰে।
আমি গ্ৰহণ কৰা আহাৰে স্মৃতিশক্তিকো বিভিন্ন ধৰণে প্ৰভাৱিত কৰে। বেছিভাগ মানুহেই দৈনন্দিন জীৱনৰ গুৰুত্বপূৰ্ণ কামবোৰ পাহৰি যোৱাৰ অভিযোগ উত্থাপন কৰে। কিন্তু গুৰুত্বপূৰ্ণ কামবোৰ পাহৰাৰ বাবে স্মৃতিশক্তিক জগৰীয়া কৰাৰ আগতে আপুনি সঠিক ধৰণৰ খাদ্য গ্ৰহণ কৰিছে নে নাই সেই কথাও এবাৰ ভাবক।
তীক্ষ্ণ স্মৃতিশক্তিৰ বাবে আপোনাৰ আহাৰত অমেগা ৩ সমৃদ্ধ খাদ্য যোগ দিয়ক। অমেগা ৩ সমৃদ্ধ খাদ্যই আপোনাক প্ৰদাহ হ্ৰাস কৰাত সহায় কৰিব পাৰে। অমেগা ৩ বিশেষকৈ মাছ, শুকান ফল, বাদাম, বিভিন্ন গছৰ গুটিত থাকে।
চিকিৎসকৰ মতে আপুনি আপোনাৰ শৰীৰক কেনে ধৰণৰ খাদ্য প্ৰদান কৰি আছে তাৰ ওপৰত আপোনাৰ স্মৃতি শক্তি যথেষ্ট নিৰ্ভৰ কৰে। স্মৃতিশক্তি বৃদ্ধি কৰিবৰ বাবে কিছুমান খাদ্য পৰিহাৰ কৰিবই লাগিব বুলি চিকিৎসকসকলে কয়।
বয়স হ’লে মানুহে বহু কথা পাহৰে বুলি কোৱা হয়। কিন্তু আজিকালি বয়স নিৰ্বিশেষে প্ৰায়ভাগ মানুহৰ ক্ষেত্ৰতে পাহৰা ব্যাধি দেখা যায়। চিকিৎসকৰ মতে স্মৃতিশক্তি সুস্থ কৰি ৰাখিবলৈ পৰিহাৰ কৰিবলগীয়া প্ৰথম প্ৰকাৰৰ খাদ্য হৈছে পেকেটযুক্ত শীতল পানীয়। শীতল পানীয় মিঠা কৰিবলৈ এইবোৰত অত্যাধিক হাৰৰ ফ্ৰুক্টজ কৰ্ণ চিৰাপ থাকে যিবোৰ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক। যাৰ ফলত মস্তিষ্কৰ প্ৰদাহ হয়, স্মৃতিশক্তি আৰু শিক্ষণ ক্ষতিগ্ৰস্ত হয়।
অধ্যয়নত দেখা গৈছে যে যেতিয়া মানুহে অধিক পৰিমাণৰ ভজা-পোৰা বা বেকাৰী সামগ্ৰীৰ লগতে অত্যাধিক সংৰক্ষণ কৰি ৰখা খাদ্য গ্ৰহণ কৰে তেওঁলোকৰ আলঝেইমাৰ ৰোগ হ’ব পাৰে। চিকিৎসকে কয় এইবোৰ খাদ্যই মগজুৰ তুলনাত্মক ক্ষমতা হ্ৰাস কৰাৰ লগতে বোধশক্তি হ্ৰাস হোৱাৰ আশংকা বৃদ্ধি কৰে।
ডায়েট চডাত স্মৃতিশক্তি হ্ৰাস কৰা উপাদান থাকে বুলিও বিশেষজ্ঞসকলে কয়।
ইয়াৰ উপৰিও জাংক ফুডে মগজু-উৎপন্ন নিউৰোট্ৰফিক অণু কাৰকৰ উৎপাদন হ্ৰাস কৰি মগজুক নেতিবাচকভাৱে প্ৰভাৱিত কৰে। দীঘলীয়া স্মৃতিশক্তি, শিকাৰ লগতে নতুন নিউৰনৰ বাবে এই অণুটো অত্যাৱশ্যকীয় বুলি চিকিৎসা বিজ্ঞানে কয়।
সুৰা সম্বন্ধত বিশেষজ্ঞসকলে কয় যে সাধাৰণতে সুৰাপানে মনক প্ৰভাৱিত কৰে। কিন্তু দীৰ্ঘদিনীয়া সুৰাপানৰ অভ্যাসে ভিটামিন বি১ক জোকাৰি যায় যাৰ ফলত মস্তিষ্কৰ পৰিমাণ হ্ৰাস হয়, নিউৰোট্ৰেন্সমিটাৰ ধ্বংস হয় আৰু সাধাৰণতে স্মৃতিশক্তি হ্ৰাস হয়।
খাদ্য তালিকাত প্ৰকৃতিগত খাদ্য যেনে ফল-মূল, সতেজ শাক-পাচলি আদিৰ অন্তভূক্তিয়ে শৰীৰ-মন-মগজু সম্পূৰ্ণভাৱে সুস্থ কৰি ৰাখে বুলি বিশেষজ্ঞসকলে কয়। যিমান পাৰে সংৰক্ষিত খাদ্য তথা সংৰক্ষিত পানীয় বা নিচাযুক্ত পানীয় গ্ৰহণৰ অভ্যাস ত্যাগ কৰি সুস্থ হৈ থকাত গুৰুত্ব আৰোপ কৰক।