চন্দ্ৰযান-৩ৰ অৱতৰণ কৰা স্থানৰ নাম এতিয়াৰে পৰা ‘শিৱ শক্তি’ নামেৰে জনা যাব । গ্ৰীচৰ পৰা উভতি অহাৰ পাছত শনিবাৰে পুৱা ইছৰোৰ কাৰ্যালয়ত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। তাতেই তেওঁ এই ঘোষণা কৰে চন্দ্ৰযান অৱতৰন কৰা স্থানৰ নাম । ইয়াৰ উপৰিও ২০১৯ চনত চন্দ্ৰযান-২ চন্দ্ৰত দুৰ্ঘটনাগ্ৰস্ত হোৱা ঠাইখনৰ নামো উল্লেখ কৰে। তাৰ নাম ৰাখিলে ‘ত্ৰিৰাংগা’। চন্দ্ৰযান-৩ৰ সফলতাৰ বাবে ২৩ আগষ্টক ‘ৰাষ্ট্ৰীয় মহাকাশ দিৱস’ হিচাপে পালন কৰা হ’ব বুলিও ঘোষণা কৰে মোডীয়ে। ইছৰোৰ বিজ্ঞানীসকলক তেওঁলোকৰ সফলতাৰ বাবে অভিনন্দন জনাই তেওঁ কয় যে ইছৰোৰ বিজ্ঞানীসকলৰ যি ধৈৰ্য্য আৰু কঠোৰ পৰিশ্ৰমে দেশখনক ইমান উচ্চতালৈ লৈ গৈছে সেয়া সাধাৰণ কথা নহয়। ভাৰতীয় বিজ্ঞানৰ প্ৰগতিৰ এয়া শংখনাদ ৷
চন্দ্ৰযান-৩ অভিযানৰ সফলতাৰ কথা কওঁতে আৱেগিক হৈ পৰে মোডী। চকুলো টুকি মোডীয়ে কয় “ভাৰত চন্দ্ৰ পালেগৈ। ইছৰোৱে আমাৰ দেশক গৌৰৱান্বিত কৰিছে। আমি চন্দ্ৰত এনে ঠাই পাইছো যিবোৰ আগতে কোনেও পোৱা নাছিল। সমগ্ৰ বিশ্বই ভাৰতীয় প্ৰযুক্তি আৰু বিজ্ঞানৰ শলাগ লৈছে। চন্দ্ৰযান-৩ ভাৰতৰ নহয়, মানৱতাৰ সফলতা। এই অভিযানে দেশৰ বিভিন্ন অঞ্চলত নতুন নতুন পথ মুকলি কৰিব। লগতে বিশ্বৰ সমস্যা সমাধানৰ কাম কৰিব। ইছৰোৰ সকলো বিজ্ঞানী, কৌশলবিদ আৰু চন্দ্ৰযান-৩ৰ সৈতে জড়িত সকলোকে অভিনন্দন জনাইছো।”
বিদেশ ভ্ৰমণৰ অন্তত শনিবাৰে ইছৰোৰ বিজ্ঞানীক সাক্ষাৎ কৰিবলৈ বেংগালুৰুত উপস্থিত হয় প্ৰধানমন্ত্ৰীগৰাকী। বেংগালুৰু বিমানবন্দৰৰ বাহিৰত সমৰ্থকক সম্বোধন কৰে প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ পিছত চন্দ্ৰযান-৩ৰ সফলতাৰ আঁৰৰ ইছৰোৰ বিজ্ঞানীসকলক ব্যক্তিগতভাৱে লগ কৰিবলৈ ইছৰোৰ কাৰ্যালয়লৈ ৰাওনা হয়।
বেংগালুৰুত অৱতৰণ কৰাৰ লগে লগে ছ’চিয়েল মিডিয়া ‘এক্স’ (টুইটাৰ)ত পোষ্ট কৰি প্ৰধানমন্ত্ৰীয়ে ইছৰোৰ বিজ্ঞানীসকলক লগ পোৱাৰ বিষয়ে অৱগত কৰে। তেওঁ লিখিছে, “বাংগালুৰুত অৱতৰণ কৰিলো। চন্দ্ৰযান-৩ অভিযান সফল কৰি ভাৰতক গৌৰৱান্বিত কৰা ইছৰোৰ বিজ্ঞানীসকলক লগ পাবলৈ আগ্ৰহী।”
চন্দ্ৰযান-৩ চন্দ্ৰত অৱতৰণ কৰাৰ সময়ত প্ৰধানমন্ত্ৰী দেশত নাছিল। ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ তেওঁ দক্ষিণ আফ্ৰিকালৈ গৈছিল। বুধবাৰে ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬:০৪ বজাত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰে বিক্ৰম লেণ্ডাৰখন। প্ৰধানমন্ত্ৰীয়ে সেইদিনা ভাৰ্চুৱেল মাধ্যমৰ জৰিয়তে ইছৰোৰ সৈতে সংযোগ স্থাপন কৰে। দক্ষিণ আফ্ৰিকাৰ পৰা গ্ৰীচলৈ উৰা মাৰিছিল মোডীয়ে। তাৰ পৰাই তেওঁ পোনে পোনে বাংগালুৰুত উপস্থিত হয় ৷