এখন আগশাৰীৰ বাংলা দৈনিক কাকতৰ প্ৰাক্তন সম্পাদক বৰাক উপত্যকাত গ্ৰেপ্তাৰ কৰা হৈছে । তেওঁৰ বিৰুদ্ধে জাতিৰ পিতা মহাত্মা গান্ধীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছে । পিছত তেওঁক জামিনত মুকলি কৰি দিয়া হয় বুলি এজন আৰক্ষী বিষয়াই সদৰী কৰিছে সংবাদমাধ্যমক ৷ উপ পৰিদৰ্শক ফাৰুক হুছেইনে জনোৱা মতে, কংগ্ৰেছ নেতা ছামছুদ্দিন বৰলস্কৰে হাইলাকান্দি সদৰ থানাত এফআইআৰ দাখিল কৰে ৷ ইয়াৰ পিছতে শুকুৰবাৰে কাছাৰ জিলাৰ শিলচৰস্থিত নিজা বাসগৃহৰ পৰা আটক কৰা হয় সাংবাদিকজনক।
অভিযোগ অনুসৰি যোৱা ১৪ আগষ্টত ‘বিভাজন বিভিষিকা দিৱস’ উপলক্ষে আয়োজন কৰা এক অনুষ্ঠানত মহাত্মা গান্ধীৰ বিৰুদ্ধে সাংবাদিকগৰাকীয়ে আপত্তিজনক মন্তব্য কৰিছিল। অভিযোগ অনুসৰি তেওঁ মহাত্মা গান্ধীৰ স্বাধীনতা সংগ্ৰামলৈ আগবঢ়োৱা অৱদানক লৈ প্ৰশ্ন উত্থাপন কৰিছিল।
এই গোচৰৰ তদন্তকাৰী বিষয়াই জনোৱা মতে, ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত সাংবাদিকগৰাকীৰ বিৰুদ্ধে যোৱা ১৮ আগষ্টত এফআইআৰ ৰুজু হৈছিল। গ্ৰেপ্তাৰ হোৱাৰ পিছত ব্যক্তিগত বণ্ডত তেওঁক মুকলি কৰি দিয়া হয়।