প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ অনুপম নগৰী লাডাখৰ আটাইতকৈ ওখ স্থানত স্থাপন কৰা হৈছে বিশ্বৰ প্রথমটো ভ্ৰাম্যমাণ ডিজিটেল চলচ্চিত্র প্রেক্ষাগৃহ৷
১১,৫৬২ ফুট উচ্চতাত স্থাপন কৰা এই প্ৰেক্ষাগৃহটো বিশ্বৰ আটাইতকৈ ওখ চলচ্চিত্র প্রেক্ষাগৃহ হিচাপে চিহ্ণিত হৈছে। চলচ্চিত্ৰপ্ৰেমীসকলৰ সুবিধাৰ বাবে লাডাখৰ লেহৰ পালডান অঞ্চলত স্থাপন কৰা এই প্রেক্ষাগৃহটোয়ে ৰাইজক অনন্য আমেজ দিব বুলি আশা কৰা হৈছে।
প্ৰেক্ষাগৃহটোৰ জৰিয়তে দুর্গম পার্বত্য অঞ্চলত চলচ্চিত্র উপভোগৰ ৰোমাঞ্চকৰ অভিজ্ঞতা লাভ কৰিব লাডাখবাসীয়ে৷ আনহাতে প্রথম ছবি প্রদর্শনীৰ সময়তে নেচনেল স্কুল অৱ ড্রামাৰ শিল্পী মেফাম ওটছালে উল্লেখ কৰে যে সকলো শ্ৰেণীৰ ৰাইজৰ সুবিধাৰ্থে প্রেক্ষাগৃহৰ তৰফৰ পৰা সুলভ মূল্যত টিকট যোগান ধৰা হ’ব৷।
ইয়াৰ উপৰি প্রেক্ষাগৃহটোত দর্শকসকলে অন্যান্য বহুতো সুবিধাও লাভ কৰিব। প্রেক্ষাগৃহটোত দৰ্শকৰ বাবে বহিব পৰা পর্যাপ্ত আসনৰ লগতে সুবিধাজনক ভাৱে যথাসম্ভৱ ব্যৱস্থা কৰা হৈছে। ওটছালে উল্লেখ কৰে যে ইয়াৰ জৰিয়তে বিশ্বত শিল্প আৰু চলচ্চিত্রৰ এক নতুন বাট মুকলি হ’ল।
উদ্যোক্তাসকলে উল্লেখ কৰে যে লেহত এনেধৰণৰ চাৰিটা ভ্রাম্যমাণ প্রেক্ষাগৃহৰ ব্যৱস্থা কৰা হ’ব। এনে প্ৰয়াসৰ জৰিয়তে চলচ্চিত্ৰৰ অভিজ্ঞতা দূৰৱৰ্তী অঞ্চলসমূহলৈ লৈ যাব পৰা হ’ব বুলি উদ্যোক্তাসকল আশাবাদী।
থিয়েটাৰ গৃহবোৰ এনে ধৰণৰ কিছুমান অসমান সামগ্ৰীৰে নিৰ্মাণ কৰা হৈছে যিবোৰ জলৰোধক। আনহাতে মাইনাছ ২৮ ডিগ্ৰী চেলছিয়াছতো এই প্ৰেক্ষাগৃহটো কাৰ্যকৰী কৰি ৰাখিব পৰাৰ ব্যৱস্থা কৰা হৈছে।