অসমৰ শিপিনীয়ে তাঁতৰশালত সৰগ ৰচে ৷ বৃন্দাবনী বস্ত্ৰৰ পৰা আমি পৰিধান কৰা সাজযোৰলৈকে সকলোতে শিপিনীৰ নিপুনতা প্ৰকাশ পাই আহিছে ৷ এইবাৰ তেনে এগৰাকী শিপিনী চর্চালৈ আহিছে ৷ তেওঁৰ নাম হৈছে ৰীণা কলিতা ৷ ঘৰ নগাওঁৰ কলিয়াবৰৰ সৰুভগীয়াত ৷ একেধাৰে ভাস্কৰ্য, চিত্ৰশিল্প, শিপিনী, বাঢ়ৈ শিল্পী হিচাবে তেওঁ সফলতা লাভ কৰিছে ৷ এইবাৰ তেওঁ এক বিশেষ কাৰণত চর্চালৈ আহিছে ৷ গামোছাতে তেওঁ অংকন কৰিছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাৰ প্ৰতিচ্চবি ৷
নিপুনভাৱে প্ৰতিচ্চবি অংকন কৰা এই গামোচাখন নিজ হাতেৰে মুখ্যমন্ত্ৰীক অর্পণ কৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি ৰৈছে ৰীণা কলিতাই ৷ ইতিমধ্যে তেওঁ এখন পত্ৰও প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী গৰাকীলৈ ৷ কলিয়াবৰৰ বাসগৃহলৈ আহি মুখ্যমন্ত্ৰী গৰাকীয়ে তেওঁৰ সৃষ্টিৰাজি পৰিদর্শন কৰি আগুৱাই নিব বুলিও ৰীণা কলিতা আশাবাদী ৷
নিজৰ প্ৰতিভাৰ জৰিয়তে এক চিনাকি নামত পৰিণত হৈছে এইগৰাকী কলিয়াবৰৰ সৰুভগীয়াৰ মহিলা ।চিমেণ্টেৰে সুধাকন্ঠ ভূপেন হাজৰিকা, প্ৰাক্তন মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱালৰ লগতে বহু কেইগৰাকীৰ ব্যক্তিৰ প্ৰতিমূর্ত্তি নির্মাণ কৰিছে ৰীণা কলিতাই । কাপোৰ বোৱাৰ উপৰি তেওঁ বাহঁ-বেতৰ সামগ্ৰী নির্মাণ, ঘৰ সজোৱা বিভিন্ন সামগ্ৰী নির্মাণতো পাকৈত ৷
বিগত ১৩ বছৰ ধৰি এই শিল্প কৰ্মৰ সৈতে জড়িত হৈ বৰ্তমান সময়ত এগৰাকী সফল নাৰী হিচাপে প্ৰতিষ্ঠিত হৈছে কলিয়াবৰৰ ৰীণা কলিতা।যি সময়ত বহু নিবনুৱা যুৱক-যুৱতীয়ে চাকৰিৰ বাবে হাবাথুৰি খাইছে, তেনে সময়তে উদ্যমী মহিলা গৰাকীৰ কাহিনী এক অণুপ্ৰেৰণা হিচাপে বিবেচিত হৈছে ৷