খ্ৰীষ্টপূৰ্ব ১৫ৰ পৰা ১৯ শতিকাৰ কমেও দুহেজাৰ শিল্পকৰ্ম ব্ৰিটিছ সংগ্ৰহালয়ৰ পৰা চুৰি কৰা হৈছে । বিগত কেইবছৰমানৰ পৰা এই দুৰ্লভ শিল্পকর্মসমূহ বিভিন্ন অনলাইন বিক্ৰী চাইটত দেখা গৈছে। অৱশেষত ইয়াক চিনাক্ত কৰি উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে বুলি সংগ্ৰহালয় কৰ্তৃপক্ষই সদৰী কৰিছে ৷
বিশ্বৰ অন্যতম জনপ্ৰিয় এই সংগ্ৰহালয়টোৰ অধ্যক্ষ তথা ব্ৰিটেইনৰ প্ৰাক্তন বিত্তমন্ত্ৰী জৰ্জ অছবৰ্ণে সংবাদ মাধ্যমৰ আগত কয় যে সেই দুহাজাৰ শিল্পকৰ্মৰ পৰা ইতিমধ্যে কেইবাটাও সামগ্ৰী উদ্ধাৰ কৰা হৈছে। তেওঁ কয় – “আমি কিছুমান মানুহ বিচাৰি পাইছো যিসকল সঁচাকৈয়ে সৎ। তেওঁলোকে সকলো জনাৰ পিচত শিল্প সামগ্ৰী ঘূৰাই দিব বুলি অৱগত কৰে। কিন্তু কেইবাজনো ক্ৰেতা আছে, যাৰ পৰা কিছুমান বস্তু ঘূৰাই পোৱাটো সম্ভৱ নহয়।” সংগ্ৰহালয়ৰ ষ্ট’ৰৰুমত ৰখা এটা সম্পূৰ্ণ শিল্পকৰ্মৰ খণ্ড চুৰি হোৱা সামগ্ৰীসমূহৰ ভিতৰত অন্যতম।
এই সমগ্ৰ ঘটনাত অত্যন্ত লাজত ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষ। ২০২১ চনত ডাচ্চৰ এজন শিল্প সংগ্ৰাহকে প্ৰথমে এই বিষয়টো সংগ্ৰহালয় কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰিছিল। ইয়াৰ পিছতে কৰ্তৃপক্ষই এই সন্দৰ্ভত তদন্ত চলি থকা বুলি জানিবলৈ দিয়ে। কিন্তু অছবৰ্ণে স্বীকাৰ কৰে যে তদন্ত আচলতে অসম্পূৰ্ণ আছিল। শুকুৰবাৰে হঠাতে পদত্যাগ কৰে সংগ্ৰহালয়টোৰ পৰিচালক হাৰ্টৱিগ ফিচাৰে। নাম প্ৰকাশ নোহোৱা এজন শ্ৰমিককো চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।
অছবৰ্ণে অৱশ্যে কয় যে তেওঁলোকে বিষয়টোক গুৰুত্বসহকাৰে লৈছে। তেওঁৰ ভাষাত “হয়, মই মানি লওঁ যে এই মিউজিয়ামে কিবা ভুল কৰিছে। তাৰ বাবে আমি ক্ষমা বিচাৰিছো। আমি সকলো ঠিক কৰিবলৈ চেষ্টা কৰিছো। আশাকৰোঁ এই শতিকা পুৰণি ব্ৰিটিছ মিউজিয়ামে আকৌ এবাৰ এনে এটা উচ্চতাত উপনীত হ’ব যে কেৱল এই দেশেই নহয়, সমগ্ৰ বিশ্বই গৌৰৱ কৰিব পাৰে।“