বান পৰিস্থিতিয়ে অসমত কালৰূপ ধাৰণ কৰিছে। বিগত কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ বাবে ৰাজ্যত পুনৰ বান পৰিস্থিতিৰ সৃষ্টি হৈছে।ওফন্দি উঠিছে ৰাজ্যৰ প্ৰায়বোৰ নৈ- উপনৈ ৷ প্লাৱিত হৈছে বিস্তীর্ণ অঞ্চলৰ কৃষিভূমি ৷ প্ৰায় দুই লাখ লোক এই বানত ক্ষতিগ্ৰস্ত হৈছে। চলিত বৰ্ষত এই পৰ্যন্ত বানত ১৫ জন লোকৰ মৃত্যু হৈছে।
অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে প্ৰকাশ কৰা বুলেটিনত প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনৰ বানত ১ লাখ ৯০ হাজাৰৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে। সোমবাৰে এজন লোকৰ মৃত্যু হয়। ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ কেইবাখনো নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে। নদীৰ পাৰৰ গাঁওবোৰ পানীত বুৰ গৈছে। বহু লোকে ঘৰ এৰি চৰকাৰী সাহায্য শিবিৰত আশ্ৰয় ল’বলৈ বাধ্য হৈছে।
ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠই কেইবাস্থানতো বিপদসীমা অতিক্ৰম কৰিছে। গুৱাহাটী আৰু যোৰহাটত ব্ৰহ্মপুত্ৰৰ ফেৰী সেৱা বন্ধ কৰি দিয়া হৈছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দুৰ্যোগ সঁহাৰি বাহিনী নিয়োগ কৰা হৈছে ৷ তেওঁলোকে জনোৱা মতে, এই মুহূৰ্তত অসমৰ মুঠ ১৭খন জিলা বানপানীৰ ফলত ক্ষতিগ্ৰস্ত হৈছে। সৰ্বাধিক ক্ষতিগ্ৰস্ত হৈছে লখিমপুৰ। তালিকাত পৰৱৰ্তী স্থানত আছে ধেমাজি। এই দুই জিলাত ৪০ হাজাৰৰো অধিক লোক বানৰ ফলত ক্ষতিগ্ৰস্ত হৈছে।
অসম চৰকাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সাহায্য শিবিৰ মুকলি কৰিছে। এতিয়ালৈকে ৪৫টা সাহায্য শিৱিৰ স্থাপন কৰা হৈছে আৰু প্ৰায় ৫০০ লোকে সেই শিবিৰত আশ্ৰয় লৈছে। ব্ৰহ্মপুত্ৰৰ উপৰি বেকী, দিছাং, দিখৌ, সোৱণশিৰি নদীসমূহৰ জলপৃষ্ঠই বিপদৰ স্তৰ অতিক্ৰম কৰিছে। দুৰ্যোগ ব্যৱস্থাপনা দলটোৱে জনোৱা মতে, ৰাজ্যৰ ৮ হাজাৰ হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে ৷ বহুস্থানত কেইবাটাও নদীৰ মথাউৰ ভাঙি বান পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে ৷