শিক্ষার্থীৰ প্ৰতিবাদত আজি উত্তাল হৈ পৰিল মহানগৰীৰ মালিগাওঁস্থিত পশ্চিম গুৱাহাটী কমার্চ কলেজ ৷ পুৱা ১০.৩০বজাৰ লগে লগে কলেজখনৰ মূল প্ৰৱেশদ্বাৰৰ গেট বন্ধ কৰাৰ লগতে ছাত্ৰী জিৰণি কোঠাত চিচিটিভি সংস্থাপন কৰাৰ বিৰোধিতাৰে শিক্ষার্থীসকলে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷
কলেজখনৰ শিক্ষার্থীসকলে শ্ৰেণীবর্জন কৰাৰ লগতে প্ৰথমে প্ৰৱেশদ্বাৰৰ সন্মুখত আৰু পিছলৈ অধ্যক্ষৰ কোঠাৰ সন্মুখত প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ প্ৰতিবাদী শিক্ষার্থীসকলে কলেজখনৰ অধ্যক্ষৰ বিৰুদ্ধে কেতবোৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে ৷ তেওঁলোকে কৰা অভিযোগ অনুসৰি প্ৰৱেশদ্বাৰ বন্ধ কৰি দিয়াৰ ফলত দূৰণিবটীয়া শিক্ষার্থীসকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৷ প্ৰৱেশদ্বাৰ খুলি নিদিয়াৰ ফলত দূৰণিৰ পৰা অহা শিক্ষার্থীসকল শ্ৰেণীত উপস্থিত নোহোৱাকৈয়ে ওভতি যাবলগীয়া হয় ৷ কেবল গুৱাহাটীয়েই নহয় ৰঙিয়া-চাংসাৰি-বাইহাটা আদি অঞ্চলৰ পৰা শিক্ষার্থী কলেজলৈ নিয়মীয়াকৈ অহা-যোৱা কৰে ৷
ইপিনে, শিক্ষার্থীসকলৰ আন এটা দাবী হৈছে ছাত্ৰী জিৰণি কোঠাৰ পৰা চিচিটিভি আঁতৰ কৰা ৷ কেইবাবাৰো এই সন্দর্ভত অধ্যক্ষক আহ্বান জনোৱা হৈছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰা বুলি অভিযোগ উত্থাপন কৰিছে তেওঁলোকে ৷ আনকি ছাত্ৰীসকলে লিখিত আৱেদনো অধ্যক্ষক দাখিল কৰিছিল ৷ কিন্তু তৎসত্বেও তেওঁ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ৷ এনেবোৰ কাৰনতে আজি শিক্ষার্থীসকলে প্ৰতিবাদেৰে কলেজখনৰ চৌহদ উত্তাল কৰি তোলে ৷